ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈত সংঘটিত হৈছে ভূৱা নিযুক্তিৰ ঘটনা। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আজি মঙলদৈ কেন্সাৰ কেয়াৰ চিকিৎসালয়লৈ যোগদানৰ বাবে আহিছিল কেইজনমান যুৱক। যুৱক কেইজন ক্ৰমে মঙলদৈ থানাৰ বৰথেকেৰাবাৰী গাঁৱৰ মৃণাল বৰা, অনন্ত বৰুৱা,অসীম জ্যোতি শইকীয়া,সাতখলিৰ মোস্তাফিজুৰ ৰহমান, চুলতান আলি।
চাকৰিত যোগদানৰ উদ্দেশ্যে চিকিৎসালয়ত উপস্থিত হৈ তেওঁলোকে নিযুক্তি পত্ৰ ভূৱা বুলি জানিব পাৰে। লগে লগে ল'ৰা কেইজনে মঙলদৈ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে ছিপাঝাৰৰ প্ৰনৱ চহৰীয়া নামৰ এজন যুৱকক।
ইফালে ধৃত প্ৰনৱ চহৰীয়াৰ লগত দ্বীপেন চন্দ্ৰ বৰা নামৰ অন্য যুৱক এজনো জড়িত হৈ আছে। নিযুক্তি পত্ৰত জনৈক দ্বীপেন চন্দ্ৰ বৰাৰ সাক্ষৰ সম্বলিত হৈ আছে। এই ভূৱা নিযুক্তিত দৰঙৰ কেইবাজনো যুৱক জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে অভিযোগকাৰিয়ে।
দৰঙৰ বহু যুৱকৰ পৰা প্ৰনৱ আৰু জনৈক দ্বীপেন চন্দ্ৰ বৰাই ৰিচিপচনিষ্ট, ৱাৰ্ড বয় আদি পদৰ বাবে ৩০ হাজাৰৰ পৰা লাখলৈ ধন লোৱা বুলিও অভিযোগ কৰে ভুক্তভোগীয়ে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন,এই ঘটনাৰ মুল অভিযুক্ত দ্বীপেন চন্দ্ৰ বৰা বৰ্তমানেও পলাতক।