ডিজিটেল সংবাদ মঙলদৈঃ ১৯৯৪ চনৰ ৯ জুনত মঙলদৈৰ কেইগৰাকীমান সাংবাদিকৰ প্রচেষ্টাত বেগানৈৰ পাৰত প্রতিষ্ঠা হৈছিল মঙলদৈ প্রেছ ক্লাব। সেই অনুসৰি প্রতি বছৰে ৯ জুন তাৰিখে মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি অহা হৈছে।
এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ৯ জুন, শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে মঙলদৈ প্ৰেছ ক্লাবৰ ২৯ তম প্রতিষ্ঠা দিৱসটি উদযাপন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত পতাকা উত্তোলন কৰিব ক্লাবৰ সভাপতি মদন বৰুৱাই ।
সমাজসেৱক ৰানা আলমে স্মৃতি তৰ্পন কৰাৰ পিচতেই আৰম্ভ হ'ব মুকলি সভা । মঙলদৈ প্রেছ ক্লাবৰ সভাপতি মদন চন্দ্র বৰুৱাৰ সভাপতিত্বত হ'বলগীয়া সভা উদ্বোধন কৰিব মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই।
দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথ মুখ্য অতিথি হিচাপে থাকিব লগা সভাত নিৰ্দিষ্ট বক্তা হিচাপে থাকিব অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিত দাস আৰু মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্র নাথ হাজৰিকা।
ৰাজ্যিক মীণ উন্নয়ণ নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, দৰঙৰ উপায়ুক্ত মুনিন্দ্র নাথ ঙাটে,আৰক্ষী অধীক্ষক প্রকাশ সোনোৱাল,মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বড়া, উত্তৰ পূৰ্বাঞ্চল সাংবাদিক ফৰামৰ সমন্বয়ক মুকুট ৰাজ শৰ্মা,দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্ত্রা ভৱেন বৰ্মন ,সদৌ অসম ছাত্র সন্থাৰ বিত্তীয় সম্পাদক খনিন্দ্র ৰাজবংশী আৰু অসম জাতীয়তাবাদী যুৱছাত্র পৰিষদৰ উপদেষ্টা ভৱেশ কাকতিয়ে আমন্ত্রিত অতিথি ৰূপে অংশগ্রহণ কৰিবলগা সভাত স্থানীয় ৰাইজ আৰু সাংবাদিকসকলৰ উপস্থিতি কামনা কৰিছে প্রেছ ক্লাবৰ সভাপতি মদন চন্দ্র বৰুৱা আৰু সাধাৰণ সম্পাদক লক্ষীনন্দন কলিতাই ।
Also Read: ইংৰাজী ভাষাত গণিত, বিজ্ঞানৰ পাঠদানৰ বিৰোধিতাৰে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ...