২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব মঙলদৈ গ্রন্থমেলা ২০২৩

২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব মঙলদৈ গ্রন্থমেলা ২০২৩
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈঃ চলিত বৰ্ষৰ ২০ৰ পৰা ২৬ ডিচেম্বৰলৈ ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব মঙলদৈ গ্রন্থমেলা- ২০২৩। মঙলদৈ গ্রন্থমেলা ২০২২ আয়োজক সমিতিৰ সভাপতি, মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াৰ সভাপতিত্বত স্থানীয় য়ুথ ক্লাবত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাজহুৱা সভা। এই সভাতেই সদৌ অসম পুঁথি প্রকাশন আৰু বিক্রেতা সন্থাই পূর্বে প্রস্তাৱ কৰি পঠিওৱা উক্ত তাৰিখত গ্রন্থমেলাখন অনুষ্ঠিত কৰিবলৈ সর্বসম্মতিক্রমে সিদ্ধান্ত গ্ৰহণ কৰে।

মঙলদৈ প্ৰেছ ক্লাব আৰু সদৌ অসম পুথি প্ৰকাশন আৰু বিক্রেতা সন্থাৰ যৌথ উদ্যোগত বিগত বৰ্ষসমূহত আয়োজিত হৈ আহিছে এই গ্ৰন্থমেলা ২০২৩। ইয়াৰ প্ৰস্তুতি, পৰামৰ্শ আৰু আয়োজক সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই ৰাজহুৱা সভাৰ আঁত ধৰে মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষী নন্দন কলিতাৰ হৈ সমন্বয়ক মুকুট ৰাজ শৰ্মা আৰু বিগত আয়োজক সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকাই।

সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ৰামচন্দ্ৰ ডেকা,ছহিৰ ভূঞা,সমাজসেৱক অমৰেন্দ্ৰ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শ‍ইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনীন্দ্ৰ ৰাজবংশী, বিশিষ্ট চিকিৎসক ডাঃ মৃণ্ময় কুমাৰ নাথ, সমাজকৰ্মী প্ৰণৱ চহৰীয়া, মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ডেকা, মানুহে মানুহৰ বাবে দৰং অসমৰ সভাপতি, অধিবক্তা আনোৱাৰ হুছেইন প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট লোকে উপস্থিত থাকে। এওঁলোকে বিগত মঙলদৈ গ্রন্থমেলা ২০২২ৰ সফলতাৰ বাবে আয়োজক সমিতিৰ ভূয়সী প্ৰশংসা কৰে আৰু প্ৰস্তাৱিত গ্রন্থমেলা ২৩ ক আৰু অধিক ফলপ্রসূ তথা সৰ্বাংগসুন্দৰ কৰি তুলিবলৈ ভালেমান পৰামৰ্শ দাঙি ধৰে।

অসম মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱী, বিগত বৰ্ষৰ আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱা, দৌৰংগ বাৰ্তাৰ সম্পাদক শংকৰ কাকতি, দৰং ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাধৱ শৰ্মা, শিল্পী প্রাঞ্জল শর্মা প্রমুখ্যে বহু শতাধিক লোকে অংশগ্ৰহণ কৰে এই ৰাজহুৱা সভাত।এই সভাতেই বিগত গ্ৰন্থমেলা ২০২২ৰ পৰীক্ষিত হিচাপ-নিকাচৰ প্ৰতিবেদন দাঙি ধৰে হিচাপ পৰীক্ষকে সভাই আলোচনা আৰু পৰামৰ্শ সাপেক্ষে এই প্রতিবেদনত অনুমোদন জনায়।

সভাই আগন্তুক গ্রন্থমেলাখন সাফল্য মণ্ডিত কৰি তুলিবলৈ কে'বাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰ ভিতৰত সাংসদ দিলীপ শ‍ইকীয়াক সভাপতি, ৰাজেন্দ্ৰ নাথ হাজৰিকাক কাৰ্যকৰী সভাপতি, ক্ৰমে নীলিমা দেৱী, চহিৰ ভূঞা, খনীন্দ্ৰ ৰাজবংশী, ডাঃ মৃণ্ময় কুমাৰ নাথ, ৰাণা আলম, বসন্ত শ‍ইকীয়াক উপ-সভাপতি, ৰাজীৱ কুমাৰ ডেকাক সাধাৰণ সম্পাদক, লক্ষীনন্দন কলিতাক সম্পাদক আৰু মুকুটৰাজ শৰ্মাক সমন্বয়ক হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন আছিল অন্যতম। ইপিনে, গ্রন্থমেলাৰ লগত সংগতি ৰাখি সমাজকৰ্মী তথা দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনক সভাপতি আৰু যুৱ সাহিত্যক মুনিন্দ্ৰ বৈশ্যক সম্পাদক হিচাপে মনোনীত কৰি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰে সভাই।

২০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব মঙলদৈ গ্রন্থমেলা ২০২৩
মাজুলীত ‘আই ফ্লু’ৰ ব্যাপক সংক্রমণৰ ফলত বন্ধ বিদ্যালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in