২০ ডিচেম্বৰৰ পৰা 'মঙলদৈ গ্রন্থমেলা-২০২৩'

২০ ডিচেম্বৰৰ পৰা 'মঙলদৈ গ্রন্থমেলা-২০২৩'
২০ ডিচেম্বৰৰ পৰা 'মঙলদৈ গ্রন্থমেলা-২০২৩'
Published on
Updated on

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশন আৰু বিক্রেতা সন্থাৰ সহযোগত ২০ ৰ পৰা ২৬ ডিচেম্বৰলৈ তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হ'ব 'মঙলদৈ গ্রন্থমেলা-২০২৩'। গ্রন্থমেলাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াক সভাপতি, ৰাজেন্দ্ৰ নাথ হাজৰিকাক কাৰ্যকৰী সভাপতি, ৰাজীৱ কুমাৰ ডেকাক সাধাৰণ সম্পাদক, লক্ষ্মীনন্দন কলিতাক সম্পাদক আৰু মুকুট ৰাজ শৰ্মাক সমন্বয়ক হিচাপে লৈ এখনি শক্তিশালী অভ্যর্থনা সমিতি গঠন কৰা হৈছে।

ইয়াৰ উপৰি স্মৃতিগ্রন্থ, সাহিত্য,সাংস্কৃতিক, গ্রন্থ প্রকাশন, কবি সন্মিলন, পৰিবহণ, ৰভা মঞ্চ, খাদ্যকে ধৰি ২০খন উপ-সমিতি গঠন কৰা হৈছে। মঙলদৈ চহৰৰ গান্ধী ময়দানৰ ৭ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাৰ লাইখুঁটা ১ ডিচেম্বৰত মঙলদৈ গান্ধী ময়দানত স্থাপন কৰা হ'ব।

সেইদিনা পুৱা ৯-৩০ বজাত লাইখুঁটা স্থাপন কৰিব ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব সাহিত্যিক ইদ্রিছ আলি, সাহিত্যিক ফুলেন্দ্র নাথ চহৰীয়া, ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, সাংসদ দিলীপ শইকীয়া, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, জিলা আয়ুক্ত মুনীন্দ্র নাথ ঙাটে,আৰক্ষী অধীক্ষক প্রকাশ সোণোৱাল, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নির্বাচিত উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি ভবেশ কাকতি আদি বিশিষ্ট লোকে অংশগ্রহণ কৰিব।

লাইখুঁটা স্থাপন অনুষ্ঠানত মঙলদৈ বাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষ্মীনন্দন কলিতাই।

২০ ডিচেম্বৰৰ পৰা 'মঙলদৈ গ্রন্থমেলা-২০২৩'
গোলাঘাটত বৃদ্ধাক ছুৰীৰে আক্ৰমণ কৰি চোৰে লুটি নিলে নগদ ১ লাখ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in