মঙলদৈ গ্ৰন্থ মেলাৰ লাই খুঁটা স্থাপন...

মঙলদৈ গ্ৰন্থ মেলাৰ লাই খুঁটা স্থাপন...

author-image
Asomiya Pratidin
New Update
মঙলদৈ গ্ৰন্থ মেলাৰ লাই খুঁটা স্থাপন...

মঙলদৈ গ্ৰন্থ মেলাৰ লাই খুঁটা স্থাপন...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্রকাশন আৰু বিক্রেতা সন্থাৰ সহযোগত ২০ ৰ পৰা ২৬ ডিচেম্বৰলৈ হ'বলগীয়া মঙলদৈ গ্রন্থমেলাৰ শুকুৰবাৰে লাই খুঁটা স্থাপন কৰা হয়। লাই খুঁটা স্থাপন কৰে বিশিষ্ট সাহিত্যিক তথা দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।

ইতিমধ্যে গ্রন্থমেলাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াক সভাপতি, ৰাজেন্দ্ৰ নাথ হাজৰিকাক কাৰ্যকৰী সভাপতি, ৰাজীৱ কুমাৰ ডেকাক সাধাৰণ সম্পাদক, লক্ষ্মীনন্দন কলিতাক সম্পাদক আৰু মুকুট ৰাজ শৰ্মাক সমন্বয়ক হিচাপে লৈ এখনি শক্তিশালী অভ্যর্থনা সমিতি গঠন কৰা হৈছে।

ইয়াৰ উপৰি স্মৃতিগ্রন্থ, সাহিত্য,সাংস্কৃতিক, গ্রন্থ প্রকাশন, কবি সম্মিলন, পৰিবহণ, ৰভা মঞ্চ, খাদ্যকে ধৰি ২০খন উপ-সমিতি গঠন কৰা হৈছে। অনুষ্ঠানত ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, সাংসদ দিলীপ শইকীয়া, মঙলদৈ সমষ্টিৰ, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, সদৌ অসম ছাত্ৰ সন্থাৰ নব নির্বাচিত উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশী, আদি বিশিষ্ট লোকে অংশগ্রহণ কৰে।

গ্ৰন্থ মেলাত গ্ৰাহকক অসম পুথি প্রকাশন আৰু বিক্রেতা সন্থাই ১০ শতাংশ আৰু গ্ৰন্থ মেলা উদযাপন সমিতিয়ে ৫ শতাংশ ৰেহাই দিব বুলি গ্ৰন্থ মেলা উদযাপন সমিতিৰ সভাপতি দিলীপ কুমাৰ শইকীয়াই জনাই।

Also Read: জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তক সোণতলীবাসীৰ হৈ চৰ-চাপৰি যুৱ ঐক্য মঞ্চৰ বিশেষ সম্বৰ্ধনা...

মঙলদৈ গ্ৰন্থ মেলা