মঙলদৈ পুনৰ চোৰৰ উপদ্ৰৱ : চোৰৰ টাৰ্গেট মঠ- মন্দিৰ...

অতি শীঘ্ৰেই চোৰক কৰায়ত্ত কৰি শাস্তি দিবলৈ আহ্বান স্থানীয় ৰাইজৰ

author-image
Asomiya Pratidin
New Update
মঙলদৈ পুনৰ চোৰৰ উপদ্ৰৱ : চোৰৰ টাৰ্গেট মঠ- মন্দিৰ...

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈৰ বিভিন্ন মঠ- মন্দিৰত চোৰে সঘনাই চলাই আহিছে চুৰি কাৰ্য। বুধবাৰে  নিশা মঙলদৈৰ সমীপৰ শইকীয়াপাৰা নীলকন্ঠ শিৱ মন্দিৰত চোৰে চলাই চাফাই অভিযান।

যোৱা ছয় মাহৰ ভিতৰত এই একেটা মন্দিৰতে তিনিবাৰকৈ চোৰে চুৰি কাৰ্য সংঘটিত কৰা বুলি স্থানীয় লোকে ভাষ্য প্ৰদান কৰে। চোৰে মন্দিৰৰ পিতলৰ গচাৰ পৰা জ্বলি থকা চাকি মাটিত থৈ লৈ যায় চাৰিটা কৈ পিতলৰ গচা। ইয়াৰোপৰি চোৰে লুটি লৈ নিয়ে পিতলৰ চাৰিডাল গচা, তাল, শঙ্খ, কাঁহৰ থাল, বাল্টিকে ধৰি বহু পৰিমাণৰ সা সামগ্ৰী।

উল্লেখযোগ্য যে এবছৰ পূৰ্বে স্থাপন কৰা মঙলদৈ শইকীয়াপাৰাৰ নীলকণ্ঠ শিৱ মন্দিৰত এনেদৰে চোৰে লুটপাত চলোৱা কাৰ্যক গৰিহণা দিছে স্থানীয় ৰাইজে। অতি শীঘ্ৰেই চোৰক কৰায়ত্ত কৰি শাস্তি দিবলৈও আহ্বান স্থানীয় ৰাইজৰ।

Also Read: বৰ্ষাৰণ্য পবাত জংঘল ট্ৰেকিঙৰ লগতে ‘অৰণ্যৰ সুবাস বুটলি’ শীৰ্ষক অনুষ্ঠান সম্পন্ন

MANGADAI