ডিজিটেল সংবাদ মঙলদৈঃ চিৰ প্রৱহমান মঙলদৈ নদীৰ দুয়ো তীৰত অনুষ্ঠিত হ'বলগা ৪৪ সংখ্যক শ্রীশ্রী কৃষ্ণ ৰাস উৎসৱৰ ব্যাপক প্রস্ততি- চলিছে। মঙলদৈ সনাতন ধর্মসভাৰ উদ্যোগত দেওবাৰৰ পৰা 8 ডিচেম্বৰলৈ অনুষ্ঠিতব্য ৰাসোৎসৱৰ বাবে বিজুলী চালিতকে ধৰি তিনিশৰো অধিক মৃন্ময় মূর্তি সাজু কৰা হৈছে।
প্ৰায় ২৮ লাখ বাজেট নিৰ্দ্ধাৰণ কৰি আয়োজন কৰা ৰাসোৎসৱৰ মূল সমিতিৰ লগতে বিত্ত, সাংস্কৃতিক, খাদ্য, কার্যালয়, মূর্ত্তি বিভাগ, শোভাযাত্রা, স্মৃতিগ্রন্থ, ৰংগ মঞ্চ-তোৰণ, পূজা, প্রচাৰ, চিকিৎসা আদি ১৯খন উপ-সমিতিয়ে নিজৰ নিজৰ কামসমূহ তৎপৰতাৰে সাজু কৰি তুলিছে। বিষ্ণু মন্দিৰৰ সভাগৃহত অনুষ্ঠিত সংবাদ মেলত ৰাসোৎসৱ উদযাপন সমিতিৰ সভাপতি মুকুলচন্দ্ৰ ডেকা, সনাতন ধর্মসভাৰ সভাপতি পঞ্চানন শর্মা, কোষাধ্যক্ষ ৰাজেন্দ্ৰ নাথ হাজৰিকা, ৰাসোৎসৱৰ সম্পাদক দিলীপ কুমাৰ ডেকা উপস্থিত থাকি সদৰি কৰা মতে এইবাৰো প্রত্যেক দিনে মঙলদৈ ৰাসোৎসৱলৈ অহা লাখ লাখ ভক্তক আদৰিবলৈ আৰু পূৰ্বতকৈয়ো অধিক শৃংখলা শান্তি বজাই ৰখাৰ কামত মহাবিদ্যালয়সমূহৰ শতাধিক-ছাত্র-ছাত্রীক স্বেচ্ছাসেৱক হিচাবে নিয়োজিত কৰা হৈছে।
ইতিমধ্যে তেওঁলোকক যাৱতীয় প্রশিক্ষণো প্রদান কৰা হৈছে। এইবাৰৰ ৰাস আনুষ্ঠানিক উদ্বোধন কৰিব আই এ আছ (অৱসৰপ্রাপ্ত) বিশেষ সচিব, ভূমি আৰু দুর্যোগ ব্যৱস্থাপনা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অশোক কুমাৰ বৰ্মনে । অশোক কুমাৰ বর্মনক মঙলদৈ কলেজৰ খেলপথাৰৰ পৰা সনাতন ধর্মসভালৈ আদৰি আনিবৰ বাবে আয়োজন কৰা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব বিশিষ্ট অভিনেত্রী, প্রযোজক প্রস্তুতি পৰাশৰে।
আনহাতে ২৬ নৱেম্বৰৰ উদ্বোধনীৰ দিনা পুৱা ৯-৩০ পৰিবেশ নিকাকৰণ মুকলি কৰিব পৌৰপতি নিৰ্মালী দেৱী শর্মাই। ১০ বজাত ধর্মধব্বজা উত্তোলন কৰিব সনাতন ধর্মসভাৰ সভাপতি- পঞ্চানন শর্মাই।
ৰাসোৎসৱৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি মুকুল চন্দ্র ডেকাই। প্রৱেশদ্বাৰৰ এটা আধ্যাত্মিকতা পূর্ণ আটক ধুনীয়া তোৰণ নির্মাণ কৰা হৈছে। তদুপৰি ৰাসোৎৱৰ কেইদিনত নিত্য নৈমিত্তিক পূজা অর্চনা, ভাগৱত পাঠ চক্ৰ, নামতী দলৰ দিহা নাম প্রতিযোগিতা, বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়া, ধর্মালোচনী সভা, নাগাৰা নাম পৰিবেশন, ''মহাৰথী কর্ন" পূর্নাংগ নাট মঞ্চস্থ, লোক সংস্কৃতিৰ এসন্ধ্যা আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ন হ'ব।
Also Read: কামপুৰৰ গুইমাৰীত ৰে'লৰ চেপাত এজনৰ মৃত্যু...