ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈ মিলনপুৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। বুধবাৰে পুৱা প্ৰায় ৮-৩০ বজাত তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি এজন ব্যক্তিৰ মৃত্যু হয় ৷
মৃত ব্যক্তিজন নিকুঞ্জ ডেকা বুলি চিনাক্ত। মঙলদৈ গড়কাপ্তানি বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল মৃত নিকুঞ্জ ডেকা ৷
অট্টালিকাটোৰ গৰাকী লক্ষ্মণ নাথৰ ভাষ্য অনুসৰি বান্দৰ খেদিবলৈ গৈ পিচলি পৰাৰ সন্দেহ ৷ উল্লেখযোগ্য যে পাৰিবাৰিক কণ্ডলৰ ফলত আত্মহত্যা কৰিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে অট্টালিকাটোৰ গৰাকী নাথে ৷
ইতিমধ্যে মঙলদৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে ৷ আৰক্ষীৰ তদন্তৰ পিচতহে উদ্ঘাটন হ’ব প্ৰকৃত ৰহস্য ৷
Also Read: নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত বিশ্ব স্তনপান সপ্তাহ উদযাপন