মঙলদৈত অঘটন : বাঢ়নী পানীত উটি গ’ল ট্ৰেক্টৰ

মঙলদৈত অঘটন : বাঢ়নী পানীত উটি গ’ল ট্ৰেক্টৰ
Published on
Updated on

ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলাৰ মঙলদৈত সংঘটিত হোৱা এটা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙলবাৰে বৃহত্তৰ অঞ্চলটিৰ অন্তৰ্গত বাঘ পৰিত পানীৰ কোবাল সোঁতত এখন ট্ৰেক্টৰ উটি যায়।

নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়নী পানী আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰি গৈছে। ফলত ঘাট পাৰ অঞ্চললৈ যোৱা পথছোৱা পানীত ডুব যোৱাৰ ফলত কিছু সংখ্যক লোক ট্ৰেক্টৰেৰে অহা যোৱা কৰি আহিছে। এনেদৰে আহি থকাৰ মাজত আজি ২ নং স্লপিংৰ পানীৰ কোবাল সোঁতত  উটি যায় এখন ট্ৰেক্টৰ।

জানিব পৰা মতে ট্ৰেক্টৰখনত ২০/২৫ জন লোক আছিল। প্ৰায় সংখ্যকে সাতুৰি ওখ ঠাইত উঠিছে যদিও ট্ৰেক্টৰখনৰ তলত কোনো লোক ৰৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। ইতিমধ্যে আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে।

মঙলদৈত অঘটন : বাঢ়নী পানীত উটি গ’ল ট্ৰেক্টৰ
অৰুন্ধতী ৰয়ঃ মানৱতাৰ পক্ষত, অধিকাৰৰ স্বাৰ্থত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in