মঙলদৈত খোৱাপানী আঁচনিৰ শুভ উদ্বোধন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

মঙলদৈত খোৱাপানী আঁচনিৰ শুভ উদ্বোধন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

Published on

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈত খোৱাপানী আঁচনিৰ শুভ উদ্বোধন কৰিলে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। উল্লেখ্য যে, মঙলদৈৰ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাংসদগৰাকীৰ সাংসদ পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা হয় খোৱাপানীৰ আঁচনি। বিদ্যালয়খনৰ বহু দিনীয়া অভাৱ পূৰণ হোৱাত উৎফুল্লিত ছাত্ৰীসকলে সাংসদগৰাকীক গীতে-মাতে আদৰণি জনোৱা পৰিলক্ষিত হয়।

সাংবাদিকৰ প্ৰশ্ন উত্তৰত সাংসদগৰাকীয়ে কয় যে- সমষ্টি পুনৰ নিৰ্ধাৰণ অগপই অসম চুক্তিৰ দিনৰ পৰাই দাবী কৰি আছিল আৰু এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাত অসমৰ উন্নয়ন হ'ব। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক অধিক চিট দাবী কৰিব অসম গণ পৰিষদে বুলিও অৱগত কৰে৷

মঙলদৈত খোৱাপানী আঁচনিৰ শুভ উদ্বোধন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ
বিশ্বনাথত অসম বহুমূখী সমবায় সমিতি লিমিটেডৰ সংবাদমেল
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in