ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈ চহৰৰ নিকটৱৰ্তী মিলনপুৰৰ প্ৰয়াত বীৰেন নাথৰ ৰোগীয়া পত্নী ভোগেশ্বৰী নাথ ঘৰ পোৱাৰ পিছত মঙলবাৰে হায়দৰাবাদৰ আই জি হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ভোগেশ্বৰী নাথৰ একমাত্র পুত্র ধ্রুবজ্যোতি নাথৰ মৃতদেহ আহি মঙলদৈ মিলপুৰস্থিত ঘৰ পালেহি।
কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে মাতৃ ভোগেশ্বৰীক লৈ ৫ জুলাইত ধ্ৰুৱজ্যোতি নাথ মুম্বাইৰ টাটা মেম'ৰিয়েল কেন্সাৰ চেণ্টাৰলৈ গৈছিল। তাতেই ধ্ৰুৱজ্যোতি গুৰুতৰভাৱে অসুস্থ হৈ পৰাত অসম ভৱনৰ বিষয়া-কৰ্মচাৰী, আৰু অন্যান্য ৰোগীৰ অভিভাৱকসকলে দান-বৰঙণিৰে ধ্রুবজ্যোতিক ২৪জুলাইত হায়দৰাবাদৰ এ আই জি হাস্পতালত ভৰ্তি কৰায়। কিন্তু চিকিৎসাধীন অৱস্থাতে ধ্রুবজ্যোতি নাথে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে।
ইফালে আর্থিকভাৱে দুৰ্বল ধ্ৰুৱজ্যোতিৰ পৰিয়ালে চিকিৎসালয়ৰ বিল আদায় দিব নোৱৰাত মৃতদেহটো পৰিয়ালক চমজাই দিবলৈ হাস্পতাল কর্তৃপক্ষ অমান্তি হোৱাত পৰিয়ালটো বিপাঙত পৰে। এই বিষয়ে অসমীয়া প্ৰতিদিন ডিজিটেল ডেক্স ধৰি একাধিক চেনেলে বাতৰি প্ৰকাশ কৰাৰ সমান্তৰালভাৱে মঙলদৈৰ প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, বিধায়ক বসন্ত দাস, ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, ৰঙামাটি মৌজাৰ মৌজাদাৰ মহেন্দ্ৰ বৰুৱা, মঙলদৈৰ একাংশ সাংবাদিকে মুখ্যমন্ত্রী ড° হি মন্তবিশ্ব শৰ্মাৰ লগত যোগাযোগ কৰাত তেওঁ মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা দুই লাখ টকা প্রদান কৰে।
অন্যান্য আনুষংগিক খৰচৰ ধন মৌজাদাৰ মহেন্দ্ৰ বৰুৱাৰ নেতৃত্বত ৰাইজৰ পৰা সংগ্ৰহ কৰিছে। ইতিমধ্যে মৃত ধ্ৰুৱজ্যোতিৰ মৃতদেহ মঙলদৈ আহি পোৱাৰ পিছত ভেবাৰঘাট ৰাজহুৱা স্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। মুখ্যমন্ত্রীয়ে তাৎক্ষণিকভাবে দুই লাখ টকা আগবঢ়োৱাত দুর্ভগীয়া পৰিয়ালটোৰ লগতে মঙলদৈবাসী লোকে মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে।