পথৰুঘাট কৃষক শ্বহীদ দিৱসৰ বিশেষ প্ৰদৰ্শনী আৰু গ্ৰন্থ বিপণী উন্মোচন অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী

সাংবাদিক পংকজ কুমাৰ দত্তই ড০ পৰমানন্দ ৰাজবংশীৰ 'অনল আৰু নিৰ্বাচিত প্ৰবন্ধ' নামৰ গ্ৰন্থখন উন্মোচন কৰে।

author-image
Asomiya Pratidin
New Update
পথৰুঘাট কৃষক শ্বহীদ দিৱসৰ বিশেষ প্ৰদৰ্শনী আৰু গ্ৰন্থ বিপণী উন্মোচন অনুষ্ঠানত মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী

ডিজিটেল সংবাদ,মঙলদৈ : পথৰুঘাটৰ কৃষক শ্বহীদৰ সশ্ৰদ্ধ সোঁৱৰণত চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা কৃষক শ্বহীদ দিৱস উদযাপন আৰু ৰাইজমেলাৰ শনিবাৰে দ্বিতীয়টো দিনৰ অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে পৰিবেশ আৰু বন, সংখ্যালঘু উন্নয়ন পৰিক্ৰমা বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী। মন্ত্ৰীগৰাকীয়ে পথৰুঘাটৰ কৃষক বিদ্ৰোহ সম্পর্কীয় প্ৰকাশিত গ্ৰন্থ, স্মৰণিকা, আলোকচিত্র আদিৰ বিশেষ প্ৰদৰ্শনী উন্মোচন কৰাৰ লগতে গ্ৰন্থ বিপণীৰ দ্বাৰ উন্মোচন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্রীগৰাকীয়ে পথৰুঘাটৰ কৃষক শ্বহীদ সকলৰ ত্যাগ আৰু অৱদানৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। ভাষণ প্ৰসংগত তেওঁ দৰঙী ৰজাৰ শাসন, অসমৰ সভ্যতা-সংস্কৃতিলৈ দৰঙৰ অৱদানৰ ওপৰতো আলোকপাত কৰে।

মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে কৃষকৰ উন্নয়ন, নাৰী সবলীকৰণ আদিৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ কথা উল্লেখ কৰে। বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়ৰ সম-উপচাৰ্য্য ড০ বলেন্দ্ৰ কুমাৰ দাসেও অনুষ্ঠানত ভাষণ প্ৰদান কৰে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নতুন দ্যৌৰঙ্গ বাৰ্তাৰ সৌজন্যত যুৱ বক্তৃতা আৰু সাংবাদিকসকলৰ মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে। এই কাৰ্যসূচীত বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়া, পংকজ কুমাৰ দত্ত, ভাৰ্গৱ কুমাৰ দাস আদি কেইবাগৰাকী বক্তাই বক্তব্য আগবঢ়ায়।

বিজ্ঞান প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য ড০ বলেন্দ্ৰ কুমাৰ দাসে ড০ লোকেশ্বৰ নাথৰ 'পীজেন্টছ আপৰাইজিং ইন আছাম, ইণ্ডিয়া' নামৰ গ্ৰন্থখন উন্মোচন কৰে। বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়াই কমলাকান্ত ডেকা আৰু মোস্তাক হুছেইনৰ সংকলন আৰু সম্পাদনাৰ 'দলি পুৰাণ...বিচাৰ আৰু বিশ্লেষণ' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। সাংবাদিক পংকজ কুমাৰ দত্তই ড০ পৰমানন্দ ৰাজবংশীৰ 'অনল আৰু নিৰ্বাচিত প্ৰবন্ধ' নামৰ গ্ৰন্থখন উন্মোচন কৰে।

অনুষ্ঠানস্থলীত ভোগালী মেলা উদ্বোধন কৰে অসম মহিলা আয়োগৰ উপাধ্যক্ষ নিলীমা দেৱীয়ে। 'ভাৰতৰ স্বাধীনতা আন্দোলন আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহ' বিষয়ক বক্তৃতা প্ৰতিযোগিতাৰ নিৰ্বাচিত প্ৰতিযোগীয়ে অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে।

উল্লেখ্য যে পুৱা পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱ নিৰ্মিত সামূহিক কেন্দ্রটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্র নাথ ঙাটেয়ে। এই কাৰ্যসূচীত বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকাও উপস্থিত থাকে।

Also Read: ইতিহাস সৃষ্টিৰে ৰোহণ বোপান্নাৰ গ্ৰেণ্ড শ্লাম দখল

MANGALADAI Chandra Mohan Patowary dr paramananda rajbongshi