মোৱামাৰী আৰু পুথিমাৰী পঞ্চায়তৰ কাম -কাজৰ তদন্তৰ নিৰ্দেশ মন্ত্ৰী ৰণজিৎ দাসৰ

মোৱামাৰী আৰু পুথিমাৰী পঞ্চায়তৰ কাম -কাজৰ তদন্তৰ নিৰ্দেশ মন্ত্ৰী ৰণজিৎ দাসৰ
মোৱামাৰী আৰু পুথিমাৰী পঞ্চায়তৰ কাম -কাজৰ তদন্তৰ নিৰ্দেশ মন্ত্ৰী ৰণজিৎ দাসৰ
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈ: সোমবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মঙলদৈত উপস্থিত হৈ এক পৰ্যালোচনা সভাত অংশগ্ৰহন কৰে। এই সভাতে পূব মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত মোৱামাৰী পঞ্চায়ত আৰু পুথিমাৰী পঞ্চায়তৰ বিগত তিনি বছৰৰ কাম-কাজৰ তদন্ত কৰিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতীক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে এই পঞ্চায়ত দুখনৰ কাম কাজক লৈ বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছিল। বিশেষকৈ পঞ্চায়ত প্ৰতিনিধি সকলে গুৰু-গোঁসাই নামানি অবাধ দুৰ্নীতিৰে নিজৰ বেংক বেলেঞ্চ বঢ়োৱাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল।

ৰাইজৰ সুফলৰ বাবে নহয় কেৱল মাত্ৰ নিজৰ লাভালাভৰ বাবেই জন প্ৰতিনিধি সকলে কাম কৰি অহাৰ অভিযোগ আছিল। এই বৈঠকত ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলা খনৰ খণ্ড উন্নয়ন বিষয়া সকল, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত আছিল।

মোৱামাৰী আৰু পুথিমাৰী পঞ্চায়তৰ কাম -কাজৰ তদন্তৰ নিৰ্দেশ মন্ত্ৰী ৰণজিৎ দাসৰ
আচঁনিৰ ৰূপায়নৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in