ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলাৰ উচ্চ শিক্ষাৰ প্রাণকেন্দ্ৰস্বৰূপ মঙলদৈ মহাবিদ্যালয়লৈ অহা ১২ আৰু ১৩ ছেপ্টেম্বৰত আহিব 'নাক'ৰ তিনিজনীয়া দল। পূৰ্বৰ দুবাৰ 'নাক'ৰ মূল্যায়নত 'চি' গ্রেড লাভ কৰা এই মহাবিদ্যালয়খনে এইবাৰ যাতে 'নাক'ৰ মূল্যায়নত ভাল ফলাফল দেখুৱাব পাৰে তাৰবাবে মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক, ছাত্র-ছাত্রী, অভিভাৱক আৰু ৰাইজৰ সহযোগ আৰু উপস্থিতি অধ্যক্ষ ড° কমলাকান্ত বৰাই কামনা কৰিছে।
এই সম্পর্কত অহা ৫ চেপ্তেম্বৰ বৃহস্পতি বাৰে প্ৰাক্তন শিক্ষাৰ্থীৰ এখন সভা আহ্বান কৰিছে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কমলাকান্ত বৰাই। মহাবিদ্যালয় খনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলক উক্ত সভাত উপস্থিত থাকি গঠন মুকলি পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনাইছে।
প্রাক্তন ছাত্র সম্মিলনীৰ সভাপতি আনোৱাৰ হুছেইন আৰু সম্পাদক মুকুট ৰাজ শৰ্মাই অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন শিক্ষাৰ্থী সকলক উক্ত সভাত উপস্থিত থাকি মহাবিদ্যালয় খনে 'নাক'ৰ মুল্যায়নত কি দৰে ভাল ফল লাভ কৰিব পাৰি তাৰ বিষয়ে পৰামৰ্শ দিবলৈ আহ্বান জনাইছে।
Also Read: বেলতলাৰ ফ্লেটৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক স্বপ্ননীল দাসক : জব্দ দুখন বিলাসী বাহন