দৰঙৰ তিনিটাকৈ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰাষ্ট্ৰীয় স্বীকৃতি...

দৰঙৰ তিনিটাকৈ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰাষ্ট্ৰীয় স্বীকৃতি...
দৰঙৰ তিনিটাকৈ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰাষ্ট্ৰীয় স্বীকৃতি...
Published on
Updated on

ডিজিটেল সংবাদ দৰংঃ দৰং জিলা স্বাস্থ্য বিভাগে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় গুণগত মান্যতা নিশ্চিতকৰণৰ অধীনত জিলাখনৰ তিনিটাকৈ আয়ুষ্মান আৰোগ্য মন্দিৰে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা আয়ুষ্মান আৰোগ্য মন্দিৰ তিনিটা হ'ল ক্ৰমে, পাথৰিঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত শালিকাঝাৰ আয়ুষ্মান আৰোগ্য মন্দিৰ, ছিপাঝাৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত সানোৱা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ব্যাসপাৰা আয়ুষ্মান আৰোগ্য মন্দিৰ।

উল্লেখ্য যে, চলিত বৰ্ষৰ জুন মাহত এই স্বীকৃতি লাভৰ বাবে স্বাস্থ্যকেন্দ্ৰ কেইটাত প্ৰয়োজনীয় অন্তিম পৰ্যায়ৰ মূল্যায়ন সম্পন্ন হৈছিল। নেচনেল হেলথ্ চিষ্টেম ৰিছʼৰ্চ চেণ্টাৰৰ মূল্যায়নকাৰী দলে আহি স্বাস্থ্যকেন্দ্ৰ তিনিটা পৰ্যবেক্ষণ কৰিছিল।

স্বাস্থ্য কেন্দ্ৰকেইটাই আগবঢ়োৱা সেৱা আৰু গুণগত মানৰ বাবে অন্তিম পৰ্যায়ৰ মূল্যায়নত শালিকাঝাৰ আয়ুষ্মান আৰোগ্য মন্দিৰে ৯০.৭৫ শতাংশ, সানোৱা আয়ুষ্মান আৰোগ্য মন্দিৰে ৯০.০৪ শতাংশ আৰু ব্যাসপাৰা আয়ুষ্মান আৰোগ্য মন্দিৰে ৮৪.০৪ শতাংশ নম্বৰ লাভ কৰি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। এই সন্মান লাভ কৰি আনন্দিত হৈ পৰিছে দৰং জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান দৰঙৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী।

এই ৰাষ্ট্ৰীয় স্বীকৃতি লাভৰ বাবে আৰোগ্য মন্দিৰ তিনিটা, দুয়োখন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰী, জিলা পৰ্যায়ৰ বিষয়া-কৰ্মচাৰী আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীসকললৈ দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই বিশেষ ধন্যবাদ জ্ঞাপন কৰিছে ।

দৰঙৰ তিনিটাকৈ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰাষ্ট্ৰীয় স্বীকৃতি...
নাগালেণ্ড বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in