বেছিমাৰীত হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ চেষ্টাঃ এজাহাৰ দাখিল

বেছিমাৰীত হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ চেষ্টাঃ এজাহাৰ দাখিল

author-image
Asomiya Pratidin
New Update
বেছিমাৰীত হিন্দী চিনেমাৰ কায়দাৰে অপহৰণ চেষ্টাঃ এজাহাৰ দাখিল

ডিজিটেল সংবাদ,দৰংঃ দৰঙৰ বেছিমাৰীত দাক্ষিণাত্যৰ চিনেমাৰ কায়দাৰে অপহৰণৰ ঘটনা সংঘটিত হৈছে। দিন দুপৰতেই ১৫-২০জনীয়া এটা দুৰ্বৃত্তৰ দলে ৰছিদুল ইছলাম নামৰ এজন যুৱকক অপহৰণৰ চেষ্টা চলায়।

বেছিমাৰীৰ দৰং-ওডালগুৰি কাৰ বাজাৰ নামৰ ছেকেণ্ড হেণ্ড ডিলাৰ খনৰ কর্মচাৰীক দিন-দুপৰতে অপহৰণৰ চেষ্টা চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্র ঘটনাৰ ভিজুৱেল চিচি কেমেৰাত বন্দী হৈছে।

দৰাচলতে, অহাব আলী নামৰ এজন যুৱকে এখন বলেৰ বাহন চুৰি কৰি জোনাইত বিক্রি কৰিছিল। পৰৱৰ্তী সময়ত ফাইনেঞ্চে জোনাইৰ পৰা উদ্ধাৰ কৰি আনে বাহনখন। জোনাইৰ যিগৰাকী ব্যক্তিয়ে গাড়ী চোৰ অহাব আলীৰ পৰা চুৰি গাড়ীখন ক্ৰয় কৰিছিল সেই গৰাকী ব্যক্তিয়ে গাড়ীখন ফাইনেঞ্চে উঠাই অনাৰ পাছত অহাব আলীৰ বিৰুদ্ধে গোচৰ তৰিছিল। তাৰ পাছতেই জোনাই আৰক্ষীৰ এটা দলে ৰৌতা আৰক্ষীৰ সহযোগত আটক কৰি লৈ গৈছিল গাড়ী চোৰ অহাব আলীক।

বেছিমাৰীৰ দৰং-ওডালগুৰি কাৰ বাজাৰ নামৰ ছেকেণ্ড হেণ্ড ডিলাৰখনৰ কর্মচাৰী ৰছিদুল ইছলামে অহাব আলীক আৰক্ষীয়ে আটক কৰাত সহযোগ কৰা বুলি সন্দেহ কৰি দিন দুপৰতে ১৫-২০ জনীয়া এটা দুৰ্বৃত্তৰ দলে ডিলাৰখনত আহি মাৰধৰ কৰিছিল। পৰৱৰ্তী সময়ত ৰছিদুলক ডিলাৰৰ পৰা নিজৰ গাড়ীৰে কোনো অজ্ঞাত স্থানত উঠাই লৈ গৈছিল।

ৰছিদুলৰ হাতত থকা ১ লাখ ৬০ হাজাৰ টকাও কাঢ়ি লৈছিল গুণ্ডা বাহিনীয়ে। ঘটনাৰ উমান পাই পৰিয়ালৰ লোকে ৰৌতা আৰক্ষীৰ সহায়ত দুৰ্বৃত্তৰ কবলৰ পৰা উদ্ধাৰ কৰিছিল ৰছিদুলক।

এই সমগ্র ঘটনাক লৈ ডিলাৰখনৰ স্বত্বাধিকাৰীয়ে ছিদ্দিক আলী, আতাউৰ ৰহমান, জোনাব আলী, ইমৰান আলী আৰু ছৰোৱাৰ আলমৰ বিৰুদ্ধে দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কিন্তু দলগাঁও আৰক্ষী থানাই এতিয়ালৈ প্রাথমিক তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে।

Also Read: জম্মু-কাশ্মীৰৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহতঃ মুঠ ভোটাৰ প্ৰায় ৪০ লাখ

orang BECHIMARI KIDNAP