আজিৰে পৰা আৰম্ভ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাচেতি মহোৎসৱ

মুখ্যমন্ত্ৰীৰ হৈ উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
আজিৰে পৰা আৰম্ভ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাচেতি মহোৎসৱ
আজিৰে পৰা আৰম্ভ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাচেতি মহোৎসৱ
Published on
Updated on

ডিজিটেল সংবাদ মঙলদৈ: দৰঙৰ ঐতিহাসিক খটৰা সত্ৰত আজিৰে পৰা আৰম্ভ হৈছে পাচেতি মহোৎসৱ ৷ আজিৰে পৰা মুঠ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'ব এই পাচেতি মহোৎসৱ ৷

মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোণীয়া গোবিন্দ আতাই ৪৫৬ বছৰ পূৰ্বে স্থাপন কৰা খটৰা সত্ৰত প্ৰতিষ্ঠা কালৰে পৰা অনুষ্ঠিত হৈ আহিছে এই পাচেতি মহোৎসৱ৷ সোমবাৰে গধুলি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আনুষ্ঠানিক ভাৱে পাচেতি মহোৎসৱ শুভাৰম্ভ কৰে৷

মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক পৰমানন্দ ৰাজবংশীয়ে৷ উল্লেখযোগ্য যে পাচেতি মহোৎসৱত উপস্থিত থকাৰ কথা আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷

বিশেষ কাৰণত মুখ্যমন্ত্ৰী উপস্থিত থাকিব নোৱাৰাত তেওঁৰ হৈ উপস্থিত থাকে মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷ তেওঁ ভাষণত খটৰা সত্ৰক পৰ্যতনস্থলী হিচাপে উন্নত কৰি তুলিবলৈ ইয়াৰ আঁন্তগাথনি নিৰ্মাণৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে।

আজিৰে পৰা আৰম্ভ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰৰ পাচেতি মহোৎসৱ
ADRE প্ৰশ্ন কাকত ফাদিলৰে জড়িত থকাৰ সন্দেহত ধেমাজিত মুঠ ৩ জনক আটক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in