ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙ্গলবাৰে মঙলদৈস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। নিৰ্ধাৰিত সময়তকৈ এঘণ্টা পলমকৈ বিয়লি ৪-৩০ বজাত আৰম্ভ হোৱা এই সভাত জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই আদৰণি ভাষণ প্ৰদান কৰে।
তেঁও কয় যে, দৰং জিলা বহুক্ষেত্ৰত পিছপৰা যদিও শেহতীয়াকৈ দৰং জিলাৰ সদৰ মঙলদৈত মুখ্যমন্ত্ৰীৰ ডঃ হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত, জিলাখনৰ সাংসদ, বিধায়কসকলৰ সহযোগত চিকিৎসা মহাবিদ্যালয়, সংহত জিলা আয়ুক্ত কাৰ্যালয়, আৱৰ্ত ভৱন নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। এই প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰকল্পসমূহ ৰূপায়নত আয়ুক্তগৰাকীয়ে মঙলদৈ তথা দৰঙী ৰাইজৰ সহযোগ আৰু সমৰ্থন কামনা কৰে।
সভাত মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কমলাকান্ত বৰাই আটাইকেইটা প্ৰকল্পক সমৰ্থন জনাই সংহত আয়ুক্ত কাৰ্যালয়ৰ লগতে আন এটা ভৱন নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰে। তেঁও কয় যে এই ভৱনত বিধানসভা, লোকসভা নিৰ্বাচনৰ কামকাজ সম্পন্ন কৰিব পাৰিলে মঙলদৈ মহাবিদ্যালয়ৰ পাঠদানত ব্যাহত নহ'ব।
কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা পকাবাঙিপাৰাৰ নিবাসী ডঃ তিলক হাজৰিকাই চৰকাৰৰ সকলো কেইটা প্ৰকল্পক সমৰ্থন জনাই পকাবাঙিপাৰাৰ খেলপথাৰখনত আৱৰ্ত ভৱন নিৰ্মাণ নকৰিবলৈ আহ্বান জনায়। এই খেলপথাৰখন নৱপ্ৰজন্মৰ স্বাৰ্থত সংৰক্ষণ কৰাটো উচিত বুলি তেওঁ কয়।
বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে উন্নয়নৰ জোৱাৰক সমৰ্থন জনাই কয় যে, মেডিকেল কলেজৰ নামত কেৱল ডাঙৰ ডাঙৰ বিল্ডিং বনালেই নহ'ব, উন্নত চিকিৎসা উপলব্ধ কৰাব লাগিব বুলি কয়।
মানৱতাবাদী সংগঠন 'মানুহে মানুহৰ বাবে, দৰং, অসম'ৰ সাধাৰণ সম্পাদক গণেশ দত্তই উন্নয়নমূলক প্ৰকল্পত বাধা সৃষ্টি কৰাটো উচিত নহয় বুলি উল্লেখ কৰে। একাংশৰ বাধাৰ বাবেই মঙলদৈ চপাই শালৈপাৰাত পলিটেকনিক খন নহ'ল বুলি উল্লেখ কৰি ইয়াৰ বাবে আৱণ্টিত ১২ কোটি টকা ইতিমধ্যে ঘূৰি যোৱাটো দুৰ্ভাগ্যজনক বুলি কয়।
এতিয়া মেডিকেল কলেজখন যাতে কোনো কাৰণতে নোহোৱাকৈ নাথাকে তাৰবাবে সকলোৱে ঐকমত প্ৰকাশ কৰা উচিত বুলি তেওঁ কয়। ছহিৰ ভূঞাই প্ৰস্তাৱিত মেডিকেল কলেজখনৰ নাম ছহিদ মোজাম্মিল হকৰ নামত ৰাখিবলৈ আহ্বান জনায়।
আছুৰ উপসভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে সকলো কেইটা প্ৰকল্পক আদৰণি জনাই কয় যে, বৰ্ধিত ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি মঙলদৈ কন্যা মহাবিদ্যালয়খন অচিৰেই প্ৰাদেশিকীকৰণ কৰাৰ বাবে সাংসদ, বিধায়কসকলক আহ্বান জনায়। জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে মঙলদৈ চহৰৰ মাজেৰে যোৱা লক্ষ্মীনাথ বেজবৰুৱা ঠেক পথটোৰ বিকল্প পথৰ সন্ধান কৰিবলৈ আহ্বান জনায়।
ইফালে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে মঙলদৈত হ'বলগীয়া চিকিৎসা মহাবিদ্যালয়খন 'দৰং চিকিৎসা মহাবিদ্যালয়' হিচাপে নামাকৰণ কৰা হ'ব বুলি কয়। তেওঁ লগতে মঙলদৈ বেগা নৈৰ দুয়োপাৰৰ অবৈধ লোকসকলক উচ্ছেদ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়।
দৰং - ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই প্ৰস্তাৱিত প্ৰকল্প কেইটালৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ বাবে দৰঙী ৰাইজক ধন্যবাদ জনাই কয় যে, মঙলদৈ নদীৰ ওপৰত থকা জৰাজীৰ্ণ ব্ৰেইলি দলংখন ভাঙি নতুন পকী দলং নিৰ্মাণৰ অনুমোদন লাভ কৰা হৈছে। তেওঁ লগতে কয় যে, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিশৰীয়াকৈ নিৰ্মাণৰ কাম অহা জানুৱাৰীত আৰম্ভ হ'ব।
দৰঙক ৰেল মানচিত্ৰত স্থান দিয়াৰ ক্ষেত্ৰত প্ৰয়াস কৰি থকাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত সচেতন ৰাইজ, দল - সংগঠনেও ৰেল মন্ত্ৰীক হেচাঁ প্ৰদান কৰা উচিত বুলি কয়। কংগ্ৰেছ দলৰ মঙলদৈৰ বিধায়ক বসন্ত দাসে ছিপাঝাৰত এখন ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ দাবী মুখ্যমন্ত্ৰীৰ ওচৰত ৰখা হ'ব বুলি উল্লেখ কৰে।
লগতে কয় যে, যোৱা ২০ ফেব্ৰুৱাৰীত ডঃ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক সমৰ্থন জনাই মঙলদৈবাসীৰ বাবে বিভিন্ন প্ৰকল্পৰ বাবে ইতিমধ্যে ৫০০ কোটি টকা লাভ কৰাত তথ্য দাঙি ধৰে। মঙলদৈৰ ৰাইজ লগত থাকিলে আৰু কেইবা হাজাৰ কোটি টকা চৰকাৰৰ পৰা আনিব পাৰিব বুলি কয়।
তেওঁ লগতে মেডিকেল কলেজখন সম্পূৰ্ণ হোৱাৰ পিছত মঙলদৈ অসামৰিক চিকিৎসালয় বন্ধ কৰি শান্তিপুৰত থকা আৰবান হেল্থ চেণ্টাৰ অসামৰিক চিকিৎসালয়ৰ স্থানত মুকলি হ'ব বুলি কয়। মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে শলাগৰ শৰাই আগবঢ়োৱা এই সভাত মঙলদৈ বণিক সন্থাৰ সভাপতি মুকুল চন্দ্ৰ ডেকা, জ্যেষ্ঠ সাংবাদিক মুকুটৰাজ শৰ্মা, ডাঁহী মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক চন্দ্ৰপ্ৰসাদ শইকীয়া, বিজেপিৰ দৰং জিলা সমিতিৰ উপসভাপতি মুকুন্দ ডেকা, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুধিন চন্দ্ৰ হাজৰিকাই চমু ভাষণ প্ৰদান কৰে।
সভাত ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা, দৰং জিলা চৰকাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি ডাঃ জয়কান্ত চহৰীয়া উপস্থিত থাকে। লগতে 'মানুহে মানুহৰ বাবে, দৰং, অসম'ৰ সভাপতি আনোৱাৰ হুছেইন, কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ কাৰ্যকৰী অধ্যক্ষ শেখৰ মজুমদাৰ, মঙলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, বিশিষ্ট নাগৰিক উপপৌৰপতি অচ্যুৎ দাস, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা, অৱসৰী প্ৰশাসনিক বিষয়া হৰিচন্দ্ৰ শৰ্মা, যুৱ নেতা কুলদীপ বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি ভৱেশ কাকতিকে ধৰি তিনি শতাধিক লোক উপস্থিত থাকে।
Also Read: তমাৰহাটত দুখীয়া কৃষকৰ কলৰ বাগান ধ্বংস কৰিলে দুৰ্বৃত্তই : আৰক্ষী চকীত এজাহাৰ দাখিল