দেওমৰনৈত ৰাভা দিৱস পালন...

দেওমৰনৈত ৰাভা দিৱস পালন...
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ দেওমৰনৈ সাহিত্য সভা ভৱনত অসম নাট্য সন্মিলন দেওমৰনৈ শাখা আৰু দেওমৰনৈ সাহিত্য সভাৰ যৌথ উদ্যোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰে। ৰাভা দিৱস উপলক্ষে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে অসম নাট্য সন্মিলন দেওমৰনৈ শাখাৰ সভাপতি হেমচন্দ্ৰ বৰুৱাই।

ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে দেওমৰনৈ সাহিত্য সভাৰ সভাপতি জিতেন্দ্ৰনাথ শৰ্মাই। ৰাভা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ মুখ্য কাৰ্যসূচী ৰূপায়ন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিৰঞ্জন গোস্বামীয়ে। ৰাভা দিৱস উদযাপনৰ কাৰ্যসূচীত উপস্থিত থাকি ৰাভা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অনাতাঁৰ শিল্পী গজেন নাথ, পাতিদৰং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোবিন্দ্ৰ কুমাৰ বৰুৱা, বৃহত্তৰ দেওমৰনৈ সাংবাদিক সন্থাৰ সম্পাদক দিব্যজ্যোতি শৰ্মাই

দেওমৰনৈ বি.এড মহাবিদ্যালয়ৰ কৰ্মচাৰী জল্টি বৰুৱা, সাংস্কৃতিক কৰ্মী বুল ডেকা, দেওমৰনৈ সাহিত্য সভাৰ সম্পাদক ডিগাম্বৰ ডেকা, অসম সাহিত্য সভাৰ কৰ্মচাৰী প্ৰমোদ কুমাৰ, সামাজিক ব্যক্তি কান্তি কুমাৰ,অসম নাট্য সন্মিলনৰ সহকাৰী সম্পাদক পাৰ্থজিৎ কুমাৰ ৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ নেতা তথা অসম নাট্য সন্মিলনৰ সম্পাদক নিৰঞ্জন শইকীয়াই।

দেওমৰনৈত ৰাভা দিৱস পালন...
কাজলগাঁৱত এবছুৰ উদ্যোগত ৰাভা দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in