কৃতী শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ ভাগৱতীৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ...

কৃতী শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ ভাগৱতীৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ...

author-image
Asomiya Pratidin
New Update
কৃতী শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ ভাগৱতীৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ...

কৃতী শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ ভাগৱতীৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ আউলাচৌকাৰ সৰুথেকেৰাবাৰী নিৱাসী তথা, কৃতী শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ ভাগৱতীয়ে দেওবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে। ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা ৰাজেন্দ্ৰ ভাগৱতী বিভিন্ন সামাজিক, সাংস্কৃতিক সংগঠনৰ সৈতে জড়িত হৈ আছিল।

তেওঁ আছিল সদৌ অসম মইনা পাৰিজাতৰ সংগঠক। সমাজহিতৈষী এইগৰাকী ব্যক্তিয়ে সুদীৰ্ঘদিন শিক্ষকতা কৰি চপাই শালৈপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

তেওঁৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ পৰিছে। ৰাজেন্দ্ৰ প্ৰসাদ ভাগৱতীৰ মৃত্যুত মঙলদৈ জিলা মইনা পাৰিজাত, দৰং জিলা সাহিত্য সভাকে ধৰি বহু অনুস্থান প্ৰতিষ্ঠানৰ লগতে ব্যক্তিয়ে শোক প্ৰকাশ কৰে।

Also Read: গহপুৰত গছ বাগৰি পথ বন্ধঃ এজন গুৰুতৰ ভাৱে আহত...

মঙলদৈ কৃতী শিক্ষক