ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰিব দীপাংকৰ ওজাই

ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰিব দীপাংকৰ ওজাই

author-image
Asomiya Pratidin
New Update
 ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অসমক প্ৰতিনিধিত্ব কৰিব দীপাংকৰ ওজাই

ডিজিটেল সংবাদ, মঙলদৈঃ ২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ সমাগত। অহা ১২ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ। দেশৰ প্ৰতিখন ৰাজ্যৰ পৰা বিভিন্ন যুৱ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই যুৱ মহোৎসৱত।

ইতিমধ্যে অসমত যোৱা ৩০ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত হয় ৰাজ্যিক যুৱ মহোৎসৱ। অসমৰ প্ৰতিখন জিলাত অনুষ্ঠিত হোৱা জিলা ভিত্তিক যুৱ মহোৎসৱত বিভিন্ন শিতানত প্ৰথম শ্ৰেষ্ঠসকলক লৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হয় ৰাজ্যিক যুৱ মহোৎসৱ।

ৰাজ্যিক যুৱ মহোৎসৱত বক্তৃতা, লোক নৃত্য, লোক সংগীতকে ধৰি মুঠ আঠটা প্ৰতিযোগিতা অনুষ্ঠিত হয়। উল্লেখ্য যে ওদালগুৰিত জিলা ভিত্তিক যুৱ মহোৎসৱত প্ৰথম স্থান লাভ কৰা দীপাঙ্কৰ ওজাই ৰাজ্যিক যুৱ মহোৎসৱতো শ্ৰেষ্ঠ বক্তাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

সেইমৰ্মে অহা ১২ জানুৱাৰীৰ পৰা হ'বলগীয়া ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অসমৰ বক্তা হিচাপে প্ৰতিনিধিত্ব কৰিব দীপাঙ্কৰ ওজাই। তদুপৰি এই ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অন্য ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলাৰ লগতে বিশ্ববিদ্যালয়সমূহৰ নিদিষ্ট কেইগৰাকীমান যুৱ-যুৱতীয়ে ভাগ ল'ব। এই অনুষ্ঠানত কেৱল অংশ লোৱাই নহয় মন্ত্ৰণালয়ৰ পৰা প্ৰেৰণ কৰা অসমৰ যুৱ বক্তা হিচাপে প্ৰতিনিধিত্ব কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে দীপাঙ্কৰ ওজাৰ হাতত।

বিশেষভাৱে উল্লেখনীয় যে দীপাঙ্কৰ ওজাই যোৱা ২০২২ বৰ্ষৰ ৩ ডিচেম্বৰ তাৰিখে ড° ৰাজেন্দ্ৰ প্ৰসাদৰ ১৩৮তম জন্ম জয়ন্তীত নতুন দিল্লীত ভাৰতৰ সংসদ ভৱনত অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে প্ৰতিনিধিত্ব কৰিছে, লগতে তাত ভাষণ প্ৰদান কৰা দেশৰ মুঠ আঠগৰাকী যুৱ বক্তাৰ ভিতৰত তেওঁ আছিল অন্যতম। সেইগৰাকী যুৱ বক্তাই ৰাজ্যিক যুৱ মহোৎসৱত শ্ৰেষ্ঠত্ব অৰ্জন কৰি ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অসমৰ হৈ বক্তব্য ৰাখিব। অহা ১০ জানুৱাৰী, ২০২৪ তাৰিখে তেখেতে চৰকাৰী তত্বাৱধানত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মহাৰাষ্ট্ৰলৈ বিমানেৰে উৰা মাৰিব।

Also Read: কথা পাতি থকাৰ সময়তে মহিলাকে দাৰে আক্ৰমণ, মৃত্যু