ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ চহৰৰ মাজেৰে পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰীপাৰা বাহঁবজাৰৰ সমীপত বুধবাৰে পুৱাই সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। বিগত কিছুদিন ধৰি সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই ঘাইপথছোৱাক মৃত্যুদূতলৈ পৰিণত কৰা বুলি স্থানীয় একাংশ ৰাইজে আক্ষেপ প্ৰকাশ কৰে।
বুধবাৰে ৩জন কিশোৰ ছাত্ৰ ঘৰৰ পৰা টিউচনলৈ বুলি মটৰ চাইকেলেৰে গৈ থকাৰ সময়ত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। ফলত এজন ছাত্ৰ থিতাতে নিহত হয় আৰু আন দুজনক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায়।
জানিব পৰামতে হতাহত ৩জন ছাত্ৰ নৱম শ্ৰেণীত অধ্যয়নৰত। কেউগৰাকীৰে ঘৰৰ ঠিকনা মঙলদৈ বাঘপৰি বুলি জানিব পৰা গৈছে । মৃত ছাত্ৰজনৰ নাম ৰফিকুল ইছলাম (১৬)। আনহাতে আহত দুজন ক্ৰমে আব্দুল গনি (১৬) আৰু ৰাজিদুল হক(১৬) । দুৰ্ঘটনাগ্ৰস্ত বাইকৰ নম্বৰ এ এছ-১৩-আৰ-৬১৭৪।
Also Read: মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা : ছাত্ৰ নিহত