ডিজিটেল সংবাদ,মঙলদৈঃ সমগ্ৰ ৰাজ্যৰ লগতে মঙলদৈতো ৭ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ দৰং জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ অনিষ্ঠিত হৈছে। কেন্দ্ৰীয়ভাবে এই কাৰ্যসূচী গুৱাহাটীত সোমবাৰে শুভৰাম্ভণি হয় যদিও জিলা সমূহত আজিহে আৰম্ভণি হয়।
সেয়ে দৰঙত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জিলা পৰিবহন বিষয়া পবন ঠাকুৰীয়াই। মঙলদৈ ভেবাৰঘাট বাছ আস্থানত শতাধিক বাছ চালক, পৰিচালক সকলে অংশ গ্ৰহণ কৰা এই কাৰ্যসূচীত জিলা পৰিবহন বিভাগে আগন্তুক শাৰদীয় দুৰ্গোৎসৱত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে সকলো ৰাইজকে সুৰাপান নকৰি গাড়ী চলাবলৈ,গাড়ী চলাওতে মোবাইল ব্যৱহাৰ নকৰিবলৈ,বাইক আৰোহীক হেলমেত পৰিধান কৰিবলৈ আহব্বান জনায়।
পৰিবহন বিভাগৰ প্ৰৱৰ্তক পৰিদৰ্শক ওম প্ৰকাশ উপাধ্যায়, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক কালিচৰণ ৰাজবংশী, আৰিফুল ইছলাম আৰু বাছ মালিক সন্থাৰ মুনিন্দ দত্তই এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।
Also Read: নগাঁৱৰ বৃহৎ শামুকভঙা কলনি সংৰক্ষণৰ বাবে গঠন 'বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি'...