ছিপাঝাপত আৰক্ষীৰ নাক কাটিলে দুই বাইক চোৰে...
ছিপাঝাপত আৰক্ষীৰ নাক কাটিলে দুই বাইক চোৰে...

ছিপাঝাৰত আৰক্ষীৰ নাক কাটিলে দুই বাইক চোৰে...

ৰাইজে ধৰা চোৰ নিজৰ জিম্মাত ৰাখিব নোৱাৰিলে আৰক্ষীয়ে, সুযোগ বুজি কৰিলে পলায়ন
Published on

ডিজিটেল ডেস্কঃ পুনৰ অসম আৰক্ষীৰ নাক কাটিলে দুটাকৈ বাইক চোৰে। ৰাইজে ধৰি আৰক্ষীক গতাই দিয়াৰ পিছতো আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিব নোৱাৰিলে দুটা বাইক চোৰক।

ছিপাঝাৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ বিৱৰণ অনুসৰি নিশা ছিপাঝাৰৰ গৰুখুঁটি গাঁৱৰ পৰা ৰাইজে কৰায়ত্ত কৰিছিল দুটাকৈ বাইক চোৰক। পাছত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে এই দুই বাইক চোৰক নিজৰ জিম্মাত লয়।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্ত কৰি আন দুই সন্দেহজনক চোৰাং কাৰবাৰত জড়িত থকা লোককো আটক কৰিছিল। কিন্তু নিশাই আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰে ৰাইজে কৰায়ত্ত কৰা দুই বাইক চোৰ ক্ৰমে নিৰ্মল ডেকা (৪০) আৰু নয়ন ডেকা(২৬)ই।

এই দুই চোৰক লৈ অভিযান চলাই আৰক্ষীয়ে টিলেশ্বৰ ডেকা (৭০) নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা চাৰিখন মটৰ চাইকেল জব্দ কৰে। এই লোকজনৰ ঘৰৰ পৰাই বুলেন নাথ (২৩) নামৰ আন এজনক আটক কৰে আৰক্ষীয়ে। এই দুয়োজন এতিয়াও আছে ছিপাঝাৰ আৰক্ষীৰ জিম্মাতে।

এইদৰে আৰক্ষীৰ জিম্মাৰ পৰাই দুই চোৰ পলায়ন কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে গাওঁবাসী। আৰক্ষীৰ জিম্মাৰ পৰা এইদৰে দুই বাইক চোৰ পলায়ন কৰা কাৰ্যত ক্ষোভিত হৈ স্থানীয়ে লোকে কয় যে, আমি চোৰ দুটাক ধৰিবলৈ ইমান কষ্ট কৰিলো। আৰক্ষীৰ কাম আমি কৰি তেওঁলোকক সহায় কৰি দিলো। চোৰ ধৰি গতাই দিলো। কিন্তু তেওঁলোকে দুয়োটা চোৰক নিজৰ জিম্মাত ৰাখিব নোৱাৰিলে। এয়া চৰম দুৰ্ভাগ্যজনক।

ছিপাঝাপত আৰক্ষীৰ নাক কাটিলে দুই বাইক চোৰে...
চুমি অবিহনেই আজি পুনৰ ন্যায়ালয়ত হাজিৰ কৰাব বিশালক...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in