২৯ ছেপ্টেম্বৰত ছিপাঝাৰত সুৰেন্দ্ৰ মোহন নাথ সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহ...

মঞ্চস্থ হ'ব ২৯ চেপ্তেম্বৰত ছিপাঝাৰত সূৰ্য্য হেনো নামে আইৰ বুকুৱেদি

author-image
Asomiya Pratidin
New Update
২৯ ছেপ্টেম্বৰত ছিপাঝাৰত সুৰেন্দ্ৰ মোহন নাথ সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহ...

২৯ ছেপ্টেম্বৰত ছিপাঝাৰত সুৰেন্দ্ৰ মোহন নাথ সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহ...

ডিজিটেল ডেস্কঃ অহা ২৮ আৰু ২৯ ছেপ্টেম্বৰত ছিপাঝাৰ ছহিদ ভৱনত অনুষ্ঠিত হ’ব অগ্ৰণী নাট্য সংগঠন ‘চৰ্চা’ৰ উদ্যোগত সুৰেন্দ্ৰ মোহন নাথ সোঁৱৰণী ৰাষ্ট্ৰীয় নাট সমাৰোহ। এই সমাৰোহত গুৱাহাটী, বিশ্বনাথ চাৰিআলি, নগাঁও, মধ্যপ্ৰদেশ আদিৰ স্থানৰ পৰা ভালেমান গুণসম্পন্ন নাটক মঞ্চস্থ হ’ব।

২৯ ছেপ্টেম্বৰৰ দেওবাৰে সন্ধিয়া গুৱাহাটীৰ পূৰ্বৰঙ্গই নিবেদন কৰিব বিশিষ্ট নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ ৰচনা আৰু সংগীত নাটক একাডেমী বঁটা প্ৰাপক গুণাকৰ দেৱগোস্বামী পৰিচালিত নাটক 'সূৰ্য্য হেনো নামে আইৰ বুকুৱেদি'। নাটকখনত অভিনয় কৰিব সেউজপ্ৰীয়া বৰঠাকুৰে।

শেহতীয়াকৈ অসমৰ নাট্যজগতত পূৰ্বৰঙ্গৰ প্ৰযোজনাৰে গুণাকৰ দেৱগোস্বামীৰ পৰিচালনা আৰু হিল্লোল কুমাৰ পাঠকৰ ৰচনাৰে কেইবাখনো উচ্চমান বিশিষ্ট নাটক মঞ্চস্থ হৈছে। 'সূৰ্য্য হেনো নামে আইৰ বুকুৱেদি' নাটকখনৰ যোগেদি সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত এগৰাকী নিসংগ-নিঃস্ব মাতৃৰ সংগ্ৰাম আৰু আশংকা প্ৰতিভাত কৰিছে নাট্যকাৰ হিল্লোল কুমাৰ পাঠকে।

গুণাকৰ দেৱগোস্বামীৰ সুন্দৰ সুললিত মঞ্চ সংৰচনা অতুলনীয় আৰু আকৰ্ষনীয়। নৃত্য-অভিনয়ৰ অন্যতম প্ৰতিভা সেউজপ্ৰীয়াৰ অভিনয়েৰে এফালে মাতৃত্বৰ মৰ্ম আৰু আনফালে ধৰিত্ৰীৰ ধৰ্ম বলিষ্ঠ ৰূপত ভাঁহি উঠে। চৰ্চাৰ ৰাষ্ট্ৰীয় নাট্য সমাৰোহত সূৰ্য্য হেনো নামে আইৰ বুকুৱেদি নাটকখনৰ সমাজ সংবেদী অৱস্থান বিশেষভাৱে আকাৰ্ষনীয় হ’ব।

Also Read: শিৱসাগৰত আকৌ অনা অসমীয়াৰ আক্ৰমণ বলি থলুৱাঃ পুনৰ তীব্ৰ উত্তেজনা... 

ছিপাঝাৰ নাট সমাৰোহ