কলাই গাঁও খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন...

কলাই গাঁও খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন...
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্যতম মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত কলাই গাঁও খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনখন বুধবাৰে শালৈপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক মুকুট মণি শইকীয়াই আতঁ ধৰা সভাখনত সভাপতিত্ব কৰে খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি গোলোক চন্দ্ৰ চৰকাৰে।

সভাত উপস্থিত থাকি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে কয় যে প্ৰাথমিক শিক্ষক সকলৰ সংগঠন সমূহৰ ঐক্যতা নহ'লে আহি থকা দিনবোৰ ভয়াবহ হ'ব। নতুন শিক্ষা নীতি ভালদৰে অধ্যয়ন কৰিবলৈ সকলোকে আহ্বান জনায়, সকলো শিক্ষককে নিজৰ দায়িত্ব নিষ্ঠাৰে সমাপন কৰিলে কেতিয়াও ভয় খাব নালাগে বুলি কয় আৰু গ্ৰীষ্ম বন্ধৰ কালছোৱাত প্ৰধান শিক্ষকৰ পদ,আৰ্জিত ছুটী ৩০দিন,পুৰণা পেঞ্চন নীতি বাহাল, ঠিকাভিত্তিক শিক্ষক সকলৰ চাকৰি বিনাচৰ্তে নিয়মীয়া কৰণ আদি দাবী সমূহ পূৰণ নহলে অহা আগষ্ট মাহৰ পৰা ধাৰাবাহিক ভাৱে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ দিয়ে।

সভাত উপস্থিত থাকে সৰ্বভাৰতীয় সদস্য তথা মঙলদৈ মহকুমাৰ সমন্বয়ক পৰেশ বড়াই শিক্ষক সংগঠনসমূহৰ ঐক্য বদ্ধ ভাৱে কাম কৰি যাবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকি মঙলদৈ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পৱন কুমাৰ ঝা, সম্পাদক বিজয় ডেকা উপ-সভাপতি দ্বয় কৰুণা কান্ত বৰুৱা, মুকুট চন্দ্ৰ বৰুৱা আদিয়ে সাংগঠনিক দিশত বক্তব্য ৰাখে। এই সভাতেই পুৰণি সমিতি ভংগ কৰি এখন নতুন সমিতি গঠন কৰে। নতুন সমিতিৰ সভাপতি হিচাপে কৰুনা ডেকা আৰু সম্পাদক হিচাপে ধ্ৰুৱজ্যোতি বৰাক নিৰ্বাচিত কৰি এখনি ২৯জনীয়া সমিতি পৰৱৰ্তী দুবছৰৰ বাবে গঠন কৰে।

কলাই গাঁও খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন...
পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে হেমন্ত ছোৰেনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in