দৰঙৰ ২ নং শ্যামপুৰত বাঘৰ আতংক : কথমপি প্ৰাণ ৰক্ষা দুই যুৱকৰ

দৰঙৰ ২ নং শ্যামপুৰত বাঘৰ আতংক : কথমপি প্ৰাণ ৰক্ষা দুই যুৱকৰ

author-image
Asomiya Pratidin
New Update
দৰঙৰ ২ নং শ্যামপুৰত বাঘৰ আতংক : কথমপি প্ৰাণ ৰক্ষা দুই যুৱকৰ

ডিজিটেল সংবাদ,মঙলদৈ : দৰঙৰ ২ নং শ্যামপুৰত বাঘৰ আতংক। বাঘৰ আক্ৰমণত ২ যুৱক আহত হয়। দেওবাৰে ৰাতিপুৱা এজনক প্ৰাতঃকৰ্ম কৰিব যাওঁতে আক্ৰমণ কৰাৰ বিপৰীতে আন জনক ঘৰৰ চোতালত বাঘটোৱে আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে।

সম্প্ৰতি দুয়োজনেই চিকিৎসাধীন। ইতিমধ্যে মঙলদৈ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত থকা আহেদ আলিক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণৰ কৰা হৈছে। আহত দুই যুৱকৰ নাম ফইজুদ্দিন আলি আৰু আহেদ আলি বুলি জানিব পৰা গৈছে।

Also Read: মঙলদৈত মাৰথন দৌৰ প্ৰতিযোগিতা

mangaldai tiger attack