দৰঙত বিশ্ব জনসংখ্যা দিৱস উদযাপন...

দৰঙত বিশ্ব জনসংখ্যা দিৱস উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, মঙলদৈ: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে দৰঙতো বিশ্ব জনসংখ্যা দিৱস উদযাপনৰ লগতে পষেকজোৰা অভিযানৰ শুভাৰম্ভণি কৰা হয়। খাৰুপেটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে দৰং জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্তগৰাকীয়ে কয় যে, জনসংখ্যা বাঢ়িছে, কিন্তু আমাৰ মাটিকালি একেই আছে। সীমিত ভূমি সম্পত্তিৰ ওপৰত বৰ্দ্ধিত জনসংখ্যাৰ হেঁচা পৰিছে। জনসংখ্যা বৃদ্ধিয়ে প্ৰাকৃতিক ভাৰসাম্যতাৰ ওপৰত প্ৰভাৱ পেলাইছে। পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতি আছে আৰু জনসাধাৰণে ইয়াক গ্ৰহণ কৰিব লাগে। তেওঁ লগতে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি সেইসমূহ প্ৰয়োজন অনুসৰি প্ৰদান কৰিবলৈ স্বাস্থ্যকৰ্মীৰ সকলৰ প্ৰতি আহ্বান জনায়।

এই সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য, মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া (অ-সংক্ৰামক ৰোগ) ডাঃ দিল্লীৰাম অধিকাৰী, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৌচুমী কলিতা সাহাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়ায়। উল্লেখ্য যে এই শুভ উদ্ধোধনী সভাখনত স্বাস্থ্য আৰু আন সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসহ শতাধিক লোকে অংশগ্ৰহন কৰে।

স্মৰ্তব্য যে বিশ্ব জনসংখ্যা দিৱস আৰু অভিযানৰ অংশ হিচাবে ২৭ জুনৰ পৰা ১০ জুলাইলৈকে জিলাখনত বিভিন্ন সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। আনহাতে আজিৰ পৰা ২৪ জুলাইলৈকে পৰিয়াল পৰিকল্পনাৰ পদ্ধতিসমূহ প্ৰয়োজন অনুসৰি সকলো স্বাস্থ্যকেন্দ্ৰতে প্ৰয়োজনীয়সকলক প্ৰদান কৰাৰ লগতে আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ পৰিয়াল পৰিকল্পনাৰ সামগ্ৰী প্ৰদান কৰিব।

দৰঙত বিশ্ব জনসংখ্যা দিৱস উদযাপন...
চিৰাঙত অঘটন : স্কুটিসহ পানীত পৰি সন্ধানহীন যুৱতী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in