আজিৰে পৰা ৰাজ্যত বিলুপ্ত ৫ আয়ুক্তৰ কাৰ্যালয়...

আজিৰে পৰা ৰাজ্যত বিলুপ্ত ৫ আয়ুক্তৰ কাৰ্যালয়...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মে ৰাজ্যত আজিৰে পৰা বিলুপ্তি হ'ল মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে জনোৱা এক অধিসূচনাত এই কথা প্ৰকাশ বিভাগৰ প্ৰধান সচিব অবিনাশ যোগীৰ। তাৎক্ষণিকভাবে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা অধিসূচনা মৰ্মে প্ৰশাসনীয় সুবিধা আৰু জিলা উপায়ুক্তক যাৱতীয় ক্ষমতা প্ৰদানৰ জৰিয়তে প্ৰশাসানক ৰাইজৰ ওচৰলৈ চপাই নিয়াৰ বাবেই বিলোপ কৰা হৈছে মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়বোৰ।

বিলুপ্তি দিশে অগ্ৰসৰ হোৱা ৰাজ্যৰ ৫ খনকৈ আয়ুক্তৰ কাৰ্যালয়ক এই অধিসূচনাত জনোৱা অনুসৰি তেওঁলোকৰ কৰ্তৃত্বত থকা ক্ষমতাসমূহ এতিয়াৰে পৰা সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব, আয়ুক্ত সচিবৰ হাতত থাকিব। আনহাতে মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল সংশ্লিষ্ট জিলা প্ৰশাসনৰ অধীনলৈ আহিব। আন এক অধিসূচনাৰ মতে জিলা উপায়ুক্তৰ পদবীক এতিয়াৰে পৰা জিলা আয়ুক্ত হিচাপে নতুনকৈ নামাকৰণ কৰা হৈছে। যাৰ বাবে এতিয়াৰে পৰা উপায়ুক্তসকল পৰিচিত হ’ব আয়ুক্ত হিচাপে।

উল্লেখ্য পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আমোলত যতীন হাজৰিকাৰ নেতৃত্বত অসম প্ৰশাসনীয় সংস্কাৰ আয়োগে দেশৰ কেইবাখনো প্ৰধান ৰাজ্যৰ মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়সমূহৰ কাম-কাজ বুজ লৈ এই কাৰ্যালয় সমূহক ৰাজ্যক সচিবালয়ৰ বহু ক্ষমতা তেওঁলোকলৈ হস্তান্তৰ কৰাৰ লগতে সেইবিলাকক মিনি সচিবালয় হিচাবে গঢ়ি তোলাৰ পৰামৰ্শ আগবঢ়াইছিল। পিছে এই সিদ্ধান্তক আওকাণ কৰি মাণ্ডলিক আয়ুক্তৰ কাৰ্যালয়বোৰ ভংগ কৰি দিয়াৰ সিদ্ধান্তত প্ৰশ্ন উত্থাপন হৈছে সচেতন মহলত। আনহাতে ৰাজ্যত পূৰ্বৰে পৰা ৫ টা মাণ্ডলিক কাৰ্যালয় থকাৰ বিপৰীতে পূৰ্বৰ সোনোৱাল চৰকাৰৰ দিনত এই সংখ্যা ৮ টালৈ বৃদ্ধি কৰি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

আজিৰে পৰা ৰাজ্যত বিলুপ্ত ৫ আয়ুক্তৰ কাৰ্যালয়...
কেন্দ্রীয় কাৰাগাৰৰ নিচাযুক্ত দ্ৰব্যঃ নিলম্বিত হ'ল প্ৰহৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in