ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ লাইফ লাইন ৰিহাব চেণ্টাৰত নিচামুক্তি অভিযান

নিচা মুক্তিকেন্দ্ৰটোৰ আৱাসীসকলক সুন্দৰ বিচনা, খাদ্য যোগানৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰি তেওঁলোকক সুস্থ কৰি তুলিছে বুলিও জানিবলৈ দিয়ে

author-image
Asomiya Pratidin
New Update
ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ লাইফ লাইন ৰিহাব চেণ্টাৰত নিচামুক্তি অভিযান

ডিজিটেল সংবাদ,কামপুৰঃ লাইফ লাইন ৰিহাব চেণ্টাৰত নিচামুক্তি অভিযান। ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ মুখ্য সঞ্চালক ছিৰাজউদ্দিন আহমেদৰ প্ৰচেষ্টাত গঢ়ি উঠা লাইফ লাইন ৰিহাব চেণ্টাৰত মঙলবাৰে ৩৪ জন নিচাসক্ত যুৱকৰ মাজত নিচামুক্তি অভিযানৰ অংশ হিচাপে সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়।

সমাজ সেৱক তথা জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাৰ লগতে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ৰাঙলু শাখা সাহিত্য সভাৰ সভাপতি নজিবুৰ ৰহমানে। দুয়োজন বক্তাই ড্ৰাগচৰ কু- প্ৰভাৱত সমাজত বিৰুপ প্ৰভাৱ পৰাৰ সম্পৰ্কত বক্তব্য আগবঢ়াই আৰু ড্ৰাগচ সেৱনৰ লগতে সমাজখনক ড্ৰাগচ মুক্ত কৰিবলৈ চেষ্টা চলোৱাৰ শপত গ্ৰহণ কৰে।

বৰাই যুৱকসকলে ড্ৰাগচ সেৱন কৰি নিজৰ পিতৃ-মাতৃৰ লগতে সমাজ আৰু দেশখনক ধংস কৰাৰ বিপৰীতে ড্ৰাগচ নিৰ্মূল কৰি এখন নিচা মুক্ত সমাজ গঠন কৰাৰ আহ্বান জনায়। নিচাসক্ত আবাসীসকলেও দ্বিতীয়বাৰ এনে পথত ভৰি নিদিয়াৰ শপত গ্ৰহণ কৰে।

নিচা মুক্তিকেন্দ্ৰটোৰ আৱাসীসকলক সুন্দৰ বিচনা, খাদ্য যোগানৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰি তেওঁলোকক সুস্থ কৰি তুলিছে বুলিও জানিবলৈ দিয়ে। অনুষ্ঠানত ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ মুখ্য পৰিচালক আবুল কালাম উপস্থিত থাকে।

Also Read: জাতীয় সংগঠন মিচিং মিমাগ কৌবাংৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Rehab Centre