-
ছয়গাঁৱৰ টকৰাদিয়া মাজপাৰাত উদ্ধাৰ হৈছে এটা মৃতদেহ।
-
পথৰ দাঁতিত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা উৱঁলি যোৱা মৃতদেহটো উমা কলিতাৰ পুত্ৰ হেমন্ত কলিতা (৩৫) ৰ বুলি জানিব পৰা গৈছে ।
-
যোৱা ৯ মে'ৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱকজনৰ দেওবাৰে সন্ধিয়া মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
-
ঘটনাস্থলীত ছয়গাঁও আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ।
-
উল্লেখযোগ্য যে আজি কেবাদিন ধৰি হেমন্ত কলিতাৰ মোবাইল বন্ধ হৈ আছিল ।
-
এয়া হত্যাকাণ্ড বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ।
-
উদ্ধাৰ হোৱা মৃতদেহটোৰ সন্দৰ্ভত ছয়গাওঁ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Also Read: হিতাধিকাৰী সৃষ্টি কৰি অসম চৰকাৰে ৰাজ্যৰ অৰ্থনীতি ধ্বংস কৰিছে : অখিল গগৈ