সন্ধানহীন হৈ থকা মহিলাৰ মৃতদেহ উদ্ধাৰ

ঈদৰ আনন্দৰ মাজতে বৃহস্পতিবাৰে ৰৌতাত বৃদ্ধ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

author-image
Asomiya Pratidin
New Update
সন্ধানহীন হৈ থকা মহিলাৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ওৰাংঃ ঈদৰ আনন্দৰ মাজতে বৃহস্পতিবাৰে ৰৌতাত বৃদ্ধ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।পানীত উপঙি থকা অৱস্থাত ৰৌতা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো। মৃত মহিলা গৰাকী পানীখাইতি গাঁৱৰ আমিৰন নেচা(৮৫) বুলি জানিব পৰা গৈছে।

যোৱা মঙলবাৰৰ নিশাৰ পৰাই নিৰুদ্দেশ হৈ আছিল মহিলা গৰাকী। তিনিদিনৰ পৰা পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি আছিল যদিও সন্ধান পোৱা নাছিল মহিলা গৰাকীৰ। পৰিয়ালে লালপুল আৰক্ষী চকীত বৃদ্ধা গৰাকী নিৰুদ্দেশৰ জাননীও দাখিল কৰিছিল।

অৱশেষত ৰৌতাৰ সৰ্বহেৰুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পুখুৰীত পৰি থকা মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।আৰক্ষী আৰু পৰিয়ালৰলোক ঘটনাস্থলীত গৈ মৃতদেহটো উদ্ধাৰ কৰে। পুখুৰীত পিচলি পৰি মহিলা গৰাকীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।ৰৌতা আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ।

Also Read: ৰাহুল গান্ধীৰ ভ্ৰমণৰ মাজতে উত্তপ্ত মণিপুৰ! গুলীয়াগুলীত আহত ৬, এজন নিহতৰ আশংকা...

Assam police