পুৱাই মহানগৰীত মৃতদেহ উদ্ধাৰ...

সোমবাৰে পুৱাই মহানগৰীৰ জালুকবাৰীত মৃতদেহ উদ্ধাৰ। কাটিয়া দলঙৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ মৃতদেহটো।

author-image
Asomiya Pratidin
New Update
লংকাৰ ৰে’ল পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

উদ্ধাৰ এটি মৃতদেহ

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱাই মহানগৰীৰ জালুকবাৰীত মৃতদেহ উদ্ধাৰ। কাটিয়া দলঙৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ মৃতদেহটো।

মৃতদেহটো ধুবুৰীৰ লালচান্দ আলীৰ বুলি চিনাক্ত হৈছে। লালচান্দ আলী পেচাত ফেৰীৱালা আছিল। কৰ্মসূত্রে জালুকবাৰীত বসবাস কৰিছিল লালচান্দ।

মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত কামাখ্যা GRPৰ দল।পৰৱৰ্তী সময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো প্ৰেৰণ কৰি আৰক্ষীয়ে তদন্ত চলাব।

Also Read: ৰাজ্যত বিশ্ব ৰেকৰ্ডৰ জোৱাৰঃ এইবাৰ ওদালগুৰিত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড

Assam police