সোণাৰিত নিচামুক্তি কেন্দ্ৰত মৃত্যু যুৱকৰ

সোণাৰিত নিচামুক্তি কেন্দ্ৰত মৃত্যু যুৱকৰ
Published on
Updated on

ডিজিটেল ডেস্ক : ৰাজ্যত অব্যাহত আছে নিচামুক্তি কেন্দ্ৰত সংঘটিত মৃত্যুৰ ঘটনা । এইবাৰ সোণাৰিৰ এটি নিচামুক্তি কেন্দ্ৰত মৃত্যু ঘটিল এজন যুৱকৰ । অনিল বাইলুং ওৰফে পোনাৰাম বাইলুং নামৰ যুৱক গৰাকীক নিচামুক্তি কেন্দ্ৰই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে যুৱক গৰাকীৰ পৰিয়ালৰ লোকে ।

অভিযোগ অনুসৰি কেন্দ্ৰটোত ভুল চিকিৎসা আৰু অত্যাচাৰৰ বলি হৈছিল পোনাৰাম । ৰিজেনেৰেচন ৱেলনেছ ফেডাৰেচন নামৰ এই স্বীকৃতিপ্ৰাপ্ত নিচামুক্তি কেন্দ্ৰটো সোণাৰিৰ বৰাহী গাওঁত অৱস্থিত । পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি যুৱকজনৰ শৰীৰত আছিল আঘাটৰ স্পষ্ট চিন ।

উল্লেখ্য যে, ৰাজ্যত নিচামুক্তি কেন্দ্ৰত সংঘটিত হোৱা মৃত্যুৰ ঘটনা এয়া‍ই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও বহু কেইটা কেন্দ্ৰত চিকিৎসকৰ অৱহেলা, কৰ্মচাৰীৰ অত্যাচাৰৰ ফলত মৃত্যু ঘটিছিল বহু ৰোগীৰ । তাৰ পাছতেই অসম চৰকাৰৰ জন সংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই তৎকালীন ভাৱে আয়োজন কৰিছিল বৈঠকৰ । এই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি প্ৰয়োজনীয় সাৱধানীয়তা গ্ৰহণ কৰিবলৈ দিয়া হৈছিল এনে কেন্দ্ৰ সমূহক । কিন্তু বিভাগীয় মন্ত্ৰী গৰাকীৰ আহ্বানকো আওকাণ কৰি ৰাজ্যত অব্যাহত আছে নিচামুক্তি কেন্দ্ৰসমূহৰ দৌৰাত্ম্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in