ডিমৌ জুনিয়ৰ কলেজৰ শিক্ষক দীপক শইকীয়াৰ বিয়োগ

ডিমৌ জুনিয়ৰ কলেজৰ শিক্ষক দীপক শইকীয়াৰ বিয়োগ
Published on
Updated on

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰৰ ডিমৌ জুনিয়ৰ কলেজ ( চিনিয়ৰ চেকেণ্ডাৰী)ৰ প্ৰতিষ্ঠাপক শিক্ষক দীপক শইকীয়াৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫০ বছৰ। শইকীয়াৰ অকাল বিয়োগৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে শোক বিহ্বল কৰি তুলিছে।

উক্ত শিক্ষানুষ্ঠানখনৰ সমাজ শাস্ত্ৰ বিভাগৰ বিষয় শিক্ষক আছিল দীপক শইকীয়া।জানিব পৰা মতে শিক্ষকগৰাকী বিগত কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল। মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত অধিক অসুস্থ অনুভৱ কৰে আৰু নিজ বাসভৱনতে আকস্মিকভাৱে শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে চিলাপথাৰ কল্যাণপুৰ নিবাসী জ্যেষ্ঠ সমাজকৰ্মী তুৱাৰাম শইকীয়াৰ পুত্ৰ দীপক শইকীয়াই ১৯৯৭ বৰ্ষত প্ৰতিষ্ঠা হোৱা ডিমৌ জুনিয়ৰ কলেজৰ সমাজ শাস্ত্ৰ বিভাগৰ বিষয় শিক্ষক হিচাপে যোগদান কৰিছিল। শিক্ষকতা বৃত্তিক জীৱনৰ ব্ৰত হিচাপে লৈ নিষ্ঠা সহকাৰে সুদীৰ্ঘ বছৰ সেৱা আগবঢ়াই ভালেসংখ্যক শিক্ষাৰ্থীৰ মাজত পোহৰ বিলাই থৈ যায়।

অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী পিছপৰা ডিমৌ অঞ্চলটোত উচ্চ শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত বৰেণ্য অবদান আগবঢ়াই যোৱা শইকীয়াৰ অমায়িক স্বভাৱ আৰু কৰ্তব্যনিষ্ঠাৰ বাবে সকলোৰে মাজত অতি জনপ্ৰিয় আছিল। মৃত্যুৰ সময়ত দুই-সন্তান,পত্নীসহ বহু নিকটাত্মীয়ক ইহলোকত এৰি থৈ যায়। ইফালে পৰিয়ালৰ লোকে মঙলবাৰে নিশাই গুণমুগ্ধৰ উপস্থিতিত প্ৰয়াত শইকীয়াৰ শেষকৃত্য সম্পন্ন কৰে।

দীপক শইকীয়াৰ অকাল মৃত্যুত শিক্ষানুষ্ঠানখনৰ হৈ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰকান্ত দিহিঙীয়াই গভীৰ শোক প্ৰকাশ কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি এখন শোকসভা অনুষ্ঠিত কৰে।

ডিমৌ জুনিয়ৰ কলেজৰ শিক্ষক দীপক শইকীয়াৰ বিয়োগ
যাত্ৰীবাহী ৰে'লৰ ভিতৰত দুই মহিলাৰ চৰ-ভুকু,চুলিয়াচুলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in