ডিজিটেল সংবাদ, নামৰূপ : নামৰূপ, নাহৰকটীয়াৰ বিশিষ্ট ক্ৰীড়া সংগঠক, আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফুটবলাৰ টচেন বৰা (৭৮) বিয়োগত মৰ্মাহত হৈছে নামৰূপবাসী ৰাইজ। প্ৰসিদ্ধ ফুটবলাৰ তথা কিংবদন্তী টচেন বৰা দীৰ্ঘদিনে উচ্চ ৰক্তচাপজনিত কাৰণত চিকিৎসাধীন হৈ আছিল আৰু শনিবাৰে পুৱা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
পুৱা দুখজনক বাৰ্তাটো বিয়পি পৰাৰ পিছতে নামৰূপত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। নাহৰকটীয়াত জন্মগ্ৰহণ কৰা টচেন বৰাই কানৈ মহাবিদ্যালয়ত প্ৰি ডিগ্ৰী, কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ NIS ৰ প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত উত্তীৰ্ণ প্ৰশিক্ষাৰ্থী আছিল।
কটনত অধ্যয়ন কৰি থকাৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয় ফুটবল দলৰ অধিনায়ক তথা মহাৰণা ক্লাবৰ খেলুৱৈ টচেন বৰা প্ৰথম প্ৰি অলিম্পিয়ান খেলুৱৈ। তেওঁ ১৯৭২ চনত ৰাছিয়া , ৰেনগুইন আদিত ভাৰতক প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰিছিল।
তেওঁ সন্তোষ ট্ৰফীত ৭ বাৰ অংশগ্ৰহণ কৰিছিল আৰু তিনিবাৰ অধিনায়কৰ দায়িত্ব গ্ৰহন কৰিছিল। নামৰূপ সাৰকাৰখানাত কৰ্মজীৱন অতিবাহিত কৰা টচেন বড়া নামৰূপ সাৰকাৰখানাৰ মুখ্য প্ৰশাসনিক বিষয়া আছিল। তেওঁ অসম পুলিচ, অইল, সাৰকাৰখানা ফুটবল দল, ইলেভেন ষ্টাৰ ফুটবল দলৰ প্ৰশিক্ষক আছিল ।
তেওঁ প্ৰশিক্ষক হিচাপে থাকোঁতেই অসম পুলিচ ফুটবল দলে ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়ন হ’বলৈ সক্ষম হৈছিল। টচেন বৰা ভাৰতীয় জুনিয়ৰ দলৰ নিৰ্বাচক হোৱাৰ লগতে অসমৰ সন্তোষ দলৰ নিৰ্বাচক তথা প্ৰশিক্ষক আছিল ৷
আজি দুপৰীয়া প্ৰয়াত বৰাৰ মৃতদেহ নামৰূপ গান্ধী ময়দানলৈ লৈ অনা হয়। গান্ধী ময়দানত সমবেত কেইবাশতাধিক অনুগামীয়ে আনুষ্ঠানিকভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
নামৰূপ শাখা সাহিত্য সভাৰ সভাপতি তথা প্ৰাক্তন খেলুৱৈ ধ্ৰুৱ শইকীয়াই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বি ভি এফ চি এলৰ মুখ্য প্ৰশাসনিক বিষয়া পংকজ গগৈ, সমাজ সেৱক ৰঞ্জিত বৰুৱা, নামৰূপ ফুটবল এচোছিয়েশ্যন, নামৰূপ ক্ৰিকেট একাডেমী, নামৰূপ ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰূপ আঞ্চলিক, গ্ৰাম্য উন্নয়ন সংঘ, নামৰূপ শাখা সাহিত্য সভা, নামৰূপ টাউন ক্লাব, নামৰূপ স্পৰ্টছ একাডেমী, টেবুল টেনিছ একাডেমী, নামৰূপ পৌৰসভা, বজাৰ পৰিচালনা সমিতি, থাৰমেল ক্ৰিকেট ক্লাব আদি বহু দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈ প্ৰয়াত খেলুৱৈগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
লগতে অহা ৩দিনৰ বাবে চেণ্ট্ৰেল স্পৰ্টচ এচ্ছছিয়েছনৰ পতাকা অৰ্ধনমিত কৰি ৰখাৰ সিদ্ধান্ত লয়। অসম ফুটবল দলৰ প্ৰাক্তন অধিনায়ক টচেন বৰাৰ বিয়োগত অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি। সকলোৱে তেওঁৰ বিদেহী আত্মাই চিৰ শান্তিৰ কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গ লৈ সমবেদনা জ্ঞাপন কৰে। ৰাঙলী পথাৰৰ নিজ গৃহত ৰাজ্যিক মৰ্য্যদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।