ডিজিটেল ডেস্ক : দেশত কভিডৰ সংক্ৰমণ বৰ্তমানেও অব্যাহত আছে। দেশত কভিডত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ৰাজধানী দিল্লীত কভিডৰ সংক্ৰমণ তথা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। বিগত কিছু দিন ধৰি দিল্লীত কভিডত আক্ৰান্ত হৈ এদিনত ৮-১০ গৰাকী লোকৰ মৃত্যু হৈছে লগতে ক'ৰণাত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা লোকৰ সংখ্যাও বৃদ্ধি পাইছে।
দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে টুইট কৰি ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনাইছে। তেওঁ কয় যে, "মই সকলোকে কভিড নিয়ম অনুসৰণ কৰিবলৈ অনুৰোধ জনাইছো। আমি কভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ লগতে লোকসকল পুনৰ সংক্ৰমিত হোৱা দেখিছোঁ। এইটো অতি গুৰুত্বপূৰ্ণ আৰু আমি বুজি পাওঁ যে মহামাৰী এতিয়াও শেষ হোৱা নাই। মই সকলোকে অনুৰোধ জনাইছো যে মানুহে কভিডৰ যি নিয়ম সেই নিয়ম কঠোৰভাৱে অনুসৰণ কৰে।"
তথ্য অনুসৰি কভিডত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যাৰ হাৰ ভাল যদিও সংক্ৰমণ আৰু আক্ৰান্ত এতিয়াও বৃদ্ধি পাই আছে। আৰু চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। বৰ্তমান ৯ হাজাৰৰো অধিক কভিড ৰোগী চিকিৎসালয়ত আছে। কিন্তু তথ্য অনুসৰি এই ক্ষেত্ৰত লোকসকলক আতংকিত নহ'বলৈ আহ্বান জনাইছে চিকিৎসা বিভাগে।
স্বাস্থ্য বিভাগে জাৰি কৰা তথ্য অনুসৰি, দিল্লীত সোমবাৰে কভিডত ১,২২৭জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৮জন লোকৰ মৃত্যু হৈছিল। আনহাতে ৰখা হৈছিল। ১৪ আগষ্টত, ২১৬২ টা নতুন আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছিল। উল্লেখেয যে দিল্লীত শনিবাৰ অৰ্থাৎ ১৩ আগষ্টত কভিডত আক্ৰান্ত হৈছিল ২,০৩১ জন লোক আৰু মৃত্যু হৈছিল ৯জন লোক। এই সকলোবোৰ চালি-জাৰি চাই দক্ষিণ দিল্লীৰ আৰক্ষীয়ে কভিডৰ নিয়ম ভংগ কৰা লোকৰ ওপত তীক্ষ্ণ দৃষ্টি ৰাখিব আৰু কভিডৰ নিয়ম ভংগ কৰা লোকৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব।
আৰু পঢ়ক : ঢকুৱাখনাৰ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ক্ষীৰোদ গগৈৰ দেহাৱসান…