প্রকাশ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশনামা: সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি

 প্রকাশ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশনামা: সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি
Published on
Updated on

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে প্রকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশনামা। নিৰ্দেশনা অনুসৰি লোকসভা আৰু বিধানসভাত একেই থাকিব সমষ্টিৰ সংখ্যা। জুলাইত খচৰা সন্দৰ্ভত হ’ব ৰাজহুৱা শুনানি। যাৰ বাবে জুলাইত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল।

নিৰ্দেশনা অনুসৰি ১৯টা বিধানসভা সমষ্টি আৰু ২টা লোকসভা সমষ্টি সংৰক্ষিত হ’ব এছটিৰ বাবে। পূৰ্বতে এছটিৰ বাবে সংৰক্ষিত আছিল ১৬টা বিধনসভা সমষ্টি।

আনহাতে এছ চিৰ বাবে বিধানসভা সমষ্টিৰ সংখ্যা ৮ৰ পৰা ৯টালৈ বৃদ্ধি হয়। লোকসভাত ১টা সমষ্টি সংৰক্ষিত হ’ব এছচিৰ বাবে। পশ্চিম কাৰ্বি আংলঙত এটা বিধানসভা সমষ্টি বৃদ্ধি হয় এছ চিৰ বাবে।

আনহাতে ডিফু আৰু কোকৰাঝাৰ লোকসভা সমষ্টি সংৰক্ষিত এছ টিৰ বাবে।অ-সংৰক্ষিত হৈয়ে থাকিব লখিমপুৰ লোকসভা সমষ্টি। ধেমাজিত থাকিব এটা অসংৰক্ষিত বিধানসভা সমষ্টি। লগতে বৰাক উপত্যকাত থাকিব দুটাকৈ লোকসভা সমষ্টি।

 প্রকাশ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশনামা: সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি
অম্মুবাচী মেলাৰ সময়ত মহানগীৰত কোন দিশেৰে চলাব বাহন? চাওক প্ৰশাসনৰ নিৰ্দেশনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in