জনসংযোগ বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত 'দেশভক্তি দিৱস'

"তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই চৈয়দ ছাদুল্লাৰ ষড়যন্ত্ৰমূলক অভিসন্ধিৰ তীব্ৰ বিৰোধ নকৰাহ’লে অসম আজি পাকিস্তানৰ অংশ হৈ থাকিলেহেঁতেন": মন্ত্ৰী পীযুষ হাজৰীকা
জনসংযোগ বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত 'দেশভক্তি দিৱস'
Published on
Updated on

ডিজিটেল, দিছপুৰঃ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত শুকিৰবাৰে গুৱাহাটীৰ ভৰলুমুখৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত তৃতীয়বাৰৰ বাবে আয়োজিত 'দেশভক্তি দিৱস'ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই। মন্ত্ৰীগৰাকীয়ে প্ৰথমতে দেশভক্ত তৰুণৰাম ফুকন দেৱৰ পৰিয়ালৰ প্ৰতিনিধিসকল আৰু জনসংযোগ বিভাগৰ সচিব আৰু সঞ্চালকৰ লগত উদ্যানখনত থকা দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেশভক্তি দিৱসৰ মূল অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব প্ৰদান কৰা দেশভক্ত তৰুণৰাম ফুকনৰ সংগ্ৰাম, দেশপ্ৰেম আৰু ৰাজনৈতিক বিচক্ষণতাৰ ওপৰত আলোকপাত কৰে।

জনসংযোগ মন্ত্ৰীগৰাকীয়ে কয় যে, অসমক বৃটিছ বিৰোধী ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল আওতাত চামিল কৰাৰ ক্ষেত্ৰত দেশভক্ত তৰুণৰাম ফুকনদেৱক নিসন্দেহে আমি মূল কৃতিত্ব প্ৰদান কৰিব পাৰো। নিজৰ ৰাজনৈতিক বিচক্ষণতা আৰু দেশপ্ৰেমৰ বাবে মহামানৱ মহাত্মা গান্ধীৰ প্ৰিয়ভাজন হৈ পৰা তৰুণৰাম ফুকনদেৱে ভাৰতৰ স্বাধীনতা সেনানীসকলৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰাখিছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, ৩০ ৰ দশকত অসমৰ এচোৱা অতি সংবেদনশীল সময়ত তৰুণৰাম ফুকন ডাঙৰীয়াই ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে দূৰদৰ্শী সিদ্ধান্তৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৩৭ চনত অসমত বিধানসভা গঠন কৰাৰ পাছত চৈয়দ ছাদুল্লাৰ নেতৃত্বত চৰকাৰ গঠন হয়। পাছলৈ মুছলীম লীগত যোগদান কৰা চৈয়দ ছাদুল্লাই প্ৰথমৰেপৰাই এক প্ৰকাৰে ষড়যন্ত্ৰ কৰি অসমত বংগৰ পৰা প্ৰব্ৰজিত মুছলমান মানুহক আনি সংস্থাপিত কৰিছিল।

অসমক মুছলমান প্ৰধান ৰাজ্যত পৰিণত কৰি পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ বাবে চৈয়দ ছাদুল্লাই কৰা অভিসন্ধিৰ কথা তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈৰ দৰে নেতাই দূৰদৰ্শী চিন্তাৰে প্ৰথমৰে পৰাই বুজিছিল আৰু সজোৰে ইয়াৰ বিৰোধ কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। মন্ত্ৰী হাজৰীকাই আৰু কয় যে, প্ৰথমতে তৰুণৰাম ফুকন আৰু পাছলৈ গোপীনাথ বৰদলৈৰ দৰে নেতাৰ ৰাজনৈতিক দূৰদৰ্শিতা আৰু সবল নেতৃত্বৰ বাবেহে আমাৰ অসম ৰাজ্য বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল। দেশভক্ত তৰুণৰাম ফুকন আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ দৰে নেতা অসমত নথকাহ’লে চৈয়দ ছাদুল্লাৰ অভিসন্ধি অনুসৰি অসম পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱাৰ লগতে আজি সমগ্ৰ দক্ষিণ পূৱ এচিয়াৰ মানচিত্ৰই হয়তো সলনি হৈ পৰিলেহেঁতেন বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে।

জনসংযোগ মন্ত্ৰীগৰাকীয়ে দেশভক্তি দিৱসৰ অনুষ্ঠানতে ঘোষণা কৰে যে, অহা বৰ্ষৰ দেশভক্তি দিৱসৰ পূৰ্বে বিভাগৰ উদ্যোগত ৰাজ্যজুৰি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব আৰু এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠসকলক কেন্দ্ৰীয়ভাৱে আয়োজিত দেশভক্তি দিৱসৰ অনুষ্ঠানত সন্মানিত কৰা হ’ব। লগতে এই ৰচনা প্ৰতিযোগিতাৰ নিৰ্বাচিত ৰচনাসমূহ সংকলন কৰি বিভাগৰ উদ্যোগত গ্ৰন্থৰ আকাৰত প্ৰকাশ কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে ঘোষণা কৰে। বিভাগৰ এই প্ৰয়াসৰ জড়িয়তে উত্তৰ প্ৰজন্মই দেশভক্ত তৰুণৰাম ফুকনৰ নিভাঁজ দেশপ্ৰেম, ৰাজনৈতিক বিচক্ষণতা আৰু পাণ্ডিত্যৰ বিষয়ে বৌদ্ধিক চৰ্চা কৰাৰ সুযোগ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২০২১ বৰ্ষত চৰকাৰ গঠন হোৱাৰ পাচতে কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে দেশভক্ত তৰুণৰাম ফুকন দেৱৰ মৃত্যু তিথি, ২৮ জুলাইক দেশভক্তি দিৱস হিচাবে ঘোষণা কৰিছিল আৰু তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত সমগ্ৰ অসমতে এই দিৱস উদযাপন কৰি অহা হৈছে।

তথ্য আৰু জনসংযোগ অসমৰ সঞ্চালক মানবেন্দ্ৰ দেৱ ৰায়ে আদৰণি ভাষণ প্ৰদান কৰা শুকুৰবাৰৰ দেশভক্তি দিৱসৰ অনুষ্ঠানত দেশভক্ত তৰুণৰাম ফুকনদেৱৰ পৰিয়ালৰ প্ৰতিনিধিসকল ক্ৰমে নাতি জিতেন্দ্ৰৰাম ফুকন, ডাঃ হেমেন্দ্ৰৰাম ফুকন, বিক্ৰম ফুকন, নাতিনী ৰাণী গোস্বামী, ইন্দ্ৰাণী বৰুৱা, নাতি বোৱাৰী অৰূপা ফুকন আৰু ডাঃ ৰুণজুন ফুকনক জনসংযোগ বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত অন্যান্য অতিথিসকলৰ লগতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰ, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সচিব অৰুন্ধতী চক্ৰৱৰ্তী আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীসকলো উপস্থিত আছিল।

জনসংযোগ বিভাগৰ উদ্যোগত ৰাজ্যিক ভিত্তিত 'দেশভক্তি দিৱস'
লামডিঙত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in