মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ৭ জনকৈ যুৱকে

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ৭ জনকৈ যুৱকে

ডিজিটেল ডেস্ক : নিশা মহানগৰীত সংঘটিত হ'ল এক ভয়াৱহ পথ দুৰ্ঘটনা । মহানগৰীৰ জালুকবাৰীত সংঘটিত এই পথ দুৰ্ঘটনাটিত ৭ জনকৈ যুৱকে হেৰুৱালে প্ৰাণ । স্কৰপিঅ' বাহনত যাত্ৰা কৰি থকা অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰিছিল ডিভাইদাৰত । পৰৱৰ্তী সময়ত ডিভাইদাৰৰ পৰা নিলগত ৰৈ থকা বাহনত আহি দ্বিতীয়টো খুন্দা মাৰে স্কৰপিঅ'খনে । যাৰ ফলত স্কৰপিঅ'খনত থকা ৭ জনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল ।

তথ্য অনুসৰি, যুৱক কেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল । ৭ জনকৈ যুৱকৰ ভিতৰত গুৱাহাটীৰ অৰিন্দম ভোৱাল আৰু নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মোহন, নগাঁওৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক বৰুৱা ।

আৰক্ষীৰ ভাষ্য অনুসৰি, ডিভাইদাৰৰ পাছত ৰৈ থকা ডি আই পিকআপ ভেনত আহি খুন্দা মাৰিছিল স্কৰপিঅ'খনে । ধ্বংসপ্ৰাপ্ত স্কৰপিঅ'খনৰ অৱস্থাৰ পৰা সহজেই অনুমেয় যে, তীব্ৰ গতিত আছিল বাহনখন । আনহাতে, দুই-এক সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি স্কৰপিঅ'খনৰ ভিতৰত উদ্ধাৰ কৰা হৈছে সুৰাৰ বটল । অৱশ্যে প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্তত হে জানিব পৰা যাব আগন্তুক সময়ত ।

Assam police guwahati assam engineering college