'ভুল ৰিপ্ৰেজেণ্ট' কৰাৰ বাবেই গ্ৰেপ্তাৰ ভিক্টৰক- ডি জি পি ভাস্কৰজ্যোতি মহন্ত

'সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে। সঠিক তথ্য দিব পৰা নাই ভিক্টৰে'

author-image
Asomiya Pratidin
New Update
৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ভিক্টৰ দাসক...

VICTOR DAS VICTOR DAS

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাাৰি জনায়েই বিপদত পৰিল নেকি ভিক্টৰ দাস ! ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু সময়ত দুৰ্নীতি, অনিয়মৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ কথা দোহাৰি থকাৰ লগতে দুৰ্নীতি, অনিয়মৰ কিবা তথ্য পালেই তেওঁক প্ৰদান কৰিবলৈ আহ্বান জনাই আহিছে।

মুখ্যমন্ত্ৰীৰ এনে আহ্বানৰ প্ৰতি বিশ্বাস কৰিয়েই টুইটাৰৰ জৰিয়তে ভিক্টৰ দাস নামৰ যুৱকজনে শেহতীয়াকৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ২৬ হাজাৰ পদৰ নিযুক্তি পৰীক্ষাত এচাম অসাধু চক্ৰই ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছিল। ভিক্টৰ দাসে টুইটাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আৰু বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক টুইটাৰৰ জৰিয়তে এচাম অসাধু চক্ৰই ধনৰ বিনিময়ত চাকৰি দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছিল।

টুইটাৰৰ জৰিয়তে মুকলি অভিযোগ কৰি এতিয়া বিপদত পৰিছে ভিক্টৰ দাস । আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰি ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে ইণ্টাৰনেট কৰ্তন কৰি পৰীক্ষা অনুষ্ঠিত কৰা ৰাজ্য চৰকাৰৰ এই নিযুক্তি পৰীক্ষাত কোনোৱে বিশৃংখলতা কৰিবলৈ চেষ্টা কৰিলে পিঠি বহল কৰি দিয়া হ'ব বুলিও মন্তব্য কৰিছিল।

সেই গৰাকী ভাস্কৰজ্যোতি মহন্তই এতিয়া আকৌ বিসংগতিৰ অভিযোগ দিয়া ভিক্টৰক গ্ৰেপ্তাৰ কৰি আন এক তুলুঙা মন্তব্য প্ৰদান কৰিছে। আজি ভাস্কৰজ্যোতি মহন্তই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ভিক্টৰ দাস প্ৰসংগত কয় যে, সি বেচেৰাই গোটেই বস্তুটো ভুলকৈ ৰিপ্ৰেজেণ্ট কৰিছে। সঠিক তথ্য দিব পৰা নাই ভিক্টৰে।

উল্লেখ্য যে ভিক্টৰ দাসে প্ৰাক্তন বিধায়কে চাকৰিৰ বজাৰ মেলাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ এই বিষয়ে পৰ্যাপ্ত তথ্য, প্ৰমাণো তেওঁৰ হাতত আছে বুলিও প্ৰকাশ কৰিছে। সেয়া যিয়েই নহওক অভিযোগ দিয়াৰ পিছত সেই অভিযোগ সত্য নহ'ল বুলিয়েই অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰাৰ অসম আৰক্ষীৰ যি ব্যৱস্থা তাক এতিয়া সৰ্বস্তৰৰ জনতাই ধিক্কাৰ দিছে।

সামাজিক মাধ্যমত অসম আৰক্ষীৰ বিৰুদ্ধে বহু জনে সমালচনা আগবঢ়াইছে। ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা বিষয়টোক সহজভাৱে লোৱা নাই বহুজনে। ইফালে এ ডি চি পি পল্লৱ তামুলীয়েও ভিক্টৰৰ প্ৰসংগত কয় যে, সম্পূৰ্ণ মিছা তথ্যৰ ভিত্তিত অভিযোগ আনিছিল ভিক্টৰে। ভিক্টৰে কোনো তথ্য দিব পৰা নাই। সমাাজক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে।

ইয়াৰ উপৰিও পল্লৱ তামুলীয়ে ভিক্টৰে তদন্ত প্ৰক্ৰিয়াত সহযোগিতা কৰা নাই বুলিও প্ৰকাশ কৰিছে। আনহাতে অম্লান নামৰ আন এজন যুৱকেও ধনৰ বিনিময়ত চাকৰি দিয়াৰ বাবে চেষ্টা চলাই থকাৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল। তেওঁৰ প্ৰসংগতো পল্লৱ তামুলীয়ে কোনো তথ্য দিব পৰা নাই বুলিও উল্লেখ কৰিছে।

Assam police himanta biswa sarma dgp assam victor das bhaskar jyoti mahanta