ডিজিটেল সংবাদ, ঢকুৱাখনা: ১৯৪৪ চনৰ ১৪ এপ্ৰিলত মুম্বাইৰ 'ডক' বিস্ফোৰণৰ ফলত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত প্ৰাণাহুতি দিয়া ৬৬ গৰাকী "ফায়াৰ যোদ্ধা"ৰ পুন্যাত্মাৰ সশ্ৰদ্ধ স্মৰণ কৰা হয় ঢকুৱাখনাত। ১৯৪৪ চনৰ পৰাই সমগ্র ৰাষ্ট্ৰজুৰি এই বিশেষ দিনটো "ৰাষ্ট্ৰীয় অগ্নি সেৱা দিৱস" হিচাবে অনুষ্ঠিত হৈ আহিছে ।
ৰাজ্যখনৰ ঢকুৱাখনা মহকুমা অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰৰ উদ্যোগতো শুক্ৰবাৰে এই দিৱসটো অনুষ্ঠিত কৰাৰ লগতে সপ্তাহজোৰা অগ্নি সুৰক্ষা সপ্তাহৰ শুভাৰম্ভ কৰা হয় । এই দিৱসৰ সতে সংগতি ৰাখি শুক্ৰবাৰে পুৱা ঢকুৱাখনা কেন্দ্ৰত পতাকা উত্তোলন কৰে আস্থান বিষয়া বাবুল মিলিয়ে । ইয়াৰ পাছতে কেন্দ্ৰটোৰ উপ বিষয়া মহেশ মেদক আৰু সমূহ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত শ্বহীদ তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে ভাৰপ্ৰাপ্ত বিষয়া মিলিয়ে ।
পৰৱৰ্তী সময়ত কেন্দ্ৰটোৰ সকলো বিষয়া জোৱানৰ সহযোগিতাৰে কেন্দ্ৰ প্ৰাংগনৰ পৰা উলিওৱা হয় এক সজাগতা সমদল । বিভাগীয় বাহন আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ যান বাহনৰ প্রদর্শনেৰে সমগ্ৰ নগৰাঞ্চল পৰিভ্ৰমণ কৰি দলটোৱে নাগৰিকৰ মাজত "ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে অগ্নি সুৰক্ষা"ৰ সজাগতা শীৰ্ষক সজাগতা মূলক পত্ৰিকা বিতৰণ আৰু প্ৰচাৰ অভিযান চলোৱা দলটোৱে কেন্দ্ৰ প্ৰাংগণত সমদলৰ সামৰণি মাৰে ।
কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া মিলিয়ে জনোৱা মতে অহা ২০ এপ্ৰিল পৰ্যন্ত "অগ্নি সপ্তাহ" পালন কৰি মহকুমাটোৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত অগ্নিকাণ্ড আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নাগৰিকে গ্ৰহণ কৰিব লগীয়া বিভিন্ন সজাগতামূলক আৰু সতৰ্কতামূলক কৌশল প্রদর্শন কৰা হব ।
Also Read: বিহুক ৮০০০ কোটি টকাৰ উপহাৰ অসমবাসীলৈ! আহি আছে মোডী...