ব্ৰহ্মপুত্ৰই লৈছে সংহাৰী ৰূপ, জাহ গ’ল বিস্তৰ এলেকা…

ব্ৰহ্মপুত্ৰই লৈছে সংহাৰী ৰূপ, জাহ গ’ল বিস্তৰ এলেকা…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰই লৈছে সংহাৰী ৰূপ,  জাহ গ’ল বিস্তৰ এলেকা…

ডিজিটেল সংবাদ ,ঢকুৱাখনা : জলসম্পদ বিভাগৰ  দৰ্প চূৰ্ণ কৰি ঢকুৱাখনাত শিহৰণকাৰী গৰা খহনীয়াৰে নিৰবিছিন্ন সন্ত্রাস চলাইছে ব্ৰহ্মপুত্ৰই ।  কি দিন, কি ৰাতি অবিৰত হাৰত ব্ৰহ্মপুত্ৰই  চিচি টেকেলিফুটা মথাউৰীৰ পাৰ্শ্বৱৰ্তী তাকাৰচুকত গৰা খহনীয়া চলাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে। 

ব্ৰহ্মপুত্ৰৰ ক্ৰম হ্রাসমান জলধাৰাই  যোৱা তিনিটা দিন ধৰি তাকাৰচুক অংশৰ  ভূখণ্ডত অহৰ্নিশে চপৰা চপৰে  খহনীয়া সৃষ্টি কৰি  ক্ৰমাৎ মথাউৰীৰ দিশে অগ্ৰসৰ হৈছে।  ব্ৰহ্মপুত্ৰ আৰু চিচি টেকেলিফুটা মথাউৰীৰ ব্যৱধান হ্ৰাস কৰি  দৈনিক চলাই থকা খহনীয়াৰ কবলত পৰি ইতিপূৰ্বে বিস্তৰ এলেকা  ব্ৰহ্মপুত্ৰৰ গৰ্ভত জাহ গৈছে আৰু প্ৰতিনিয়ত সন্ত্রাস অব্যাহত ৰাখিছে।

পৰিণতিত বিনিদ্ৰ ৰজনী কটাইছে নদীপৰিয়াই।অন্যহাতে ঢকুৱাখনা  জলসম্পদ বিভাগে  পাল মৰা নীতিৰে নূন্যতম হাৰত পৰ্কিউপাইন সংস্থাপন কৰি তাক প্ৰতিৰোধৰ চেষ্টা চলাইছে যদিও  বিভাগৰ কণা হাঁহক পতান দিয়া নীতিলৈ তিলমানো ভ্ৰূক্ষেপ কৰা নাই ব্ৰহ্মপুত্ৰই ।

উল্লেখ্য যে যি ভূখণ্ডত দুদিন পূৰ্বে ৰাজ্যৰ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপিয়ে থিয় হৈ ব্ৰহ্মপুত্ৰৰ কাল ৰূপ পৰিদর্শন কৰিছিল সেই বৃহৎ ভূখণ্ড এদিন পাছতেই ব্ৰহ্মপুত্ৰই গৰ্ভস্থ কৰি  বিভাগীয় দৰ্প চূৰ্ণ কৰিলে। কেৱল সেয়াই নহয় সমগ্ৰ এলেকাত ভূপৃষ্ঠত চিৰাল ফাট মেলি ভয়াবহ বিপদৰ আগজাননী দিছে। বিভাগীয় সোপাধিলা প্ৰতিৰোধ আঁচনি গ্ৰহণ প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰি খেৰকটা আঞ্চলিক টাকাম মিচিং পৰিন কৌবাঙৰ  নেতা ৰনোজ দলে আৰু নদীপৰিয়া ৰাইজে  এনে শামুকীয়া গতিৰে  , নামমাত্ৰ  আৰু সীমিত সংখ্যক পৰ্কিউপাইন সংস্থাপনেৰে খহনীয়া প্ৰতিৰোধ সম্ভৱ নহয় বুলি কৈ বিভাগৰ  এনে অদূৰদৰ্শী পদক্ষেপৰ বাবে  অচিৰেই ঢকুৱাখনা – মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰীলৈ ভয়াবহ দুৰ্যোগ নমাই আনিব বুলি আশংকা ব্যক্ত কৰে।

সময় থাকোতেই  সমগ্ৰ খহনীয়া গ্ৰস্ত এলেকাত ব্যাপক হাৰত পৰ্কিউপাইন সংস্থাপন কৰি ,জিঅ বেগ পেলাই খহনীয়া ৰোধ কৰাৰ অৱিহনে ঢকুৱাখনা  আৰু নদীদ্বীপ মাজুলী কোনোপধ্যে সুৰক্ষিত নহব বুলিও সকীয়নী মূলক মন্তব্য কৰে জনগোষ্ঠীয় নেতা  আৰু উক্ত খহনীয়া গ্ৰস্ত এলেকাত লগ পোৱা  নদীপৰিয়া জনসাধাৰণে ।

আৰু পঢ়ক: পলাতক ড্ৰাগছ সৰবৰাহকাৰী "লিমাই"ক গ্ৰেপ্তাৰ

assam dhakuakhana erosion