ডিজিটেল সংবাদ ঢকুৱাখানা: এগৰাকী কৰ্মজীৱী , দৰিদ্ৰ চহা আৰু জাতীয়তাবাদী মতাদৰ্শত অটল বিশ্বাসী সত্তৰোৰ্ধৰ ব্যক্তি । নাম হৰেন গগৈ । ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত দেউলিয়া পঞ্চায়তৰ আখৈফুটীয়া গাঁওৰ এইগৰাকী স্বাভিমানী বয়স্কই বিগত প্ৰায় ১০দিন ধৰি দিন কটাইছে লখিমপুৰ জিলা কাৰাগাৰৰ কোঠৰীত ।
অপৰাধ হ'ল সামাজিক মাধ্যমৰ জৰিয়তে শাসনাধিষ্ঠিত চৰকাৰৰ কিছু পদক্ষেপ আৰু বিতৰ্কিত বিষয়ৰ ওপৰত কটু সমালোচনা আৰু মন্তব্য । সাম্প্ৰতিক প্ৰেক্ষাপটত ৰজাঘৰীয়াই শুদ্ধ বুলি ভবা কিছু কিছু পদক্ষেপক জনবিৰোধী বুলি বিবেচনা কৰি সামাজিক মাধ্যমত মুকলি সমালোচনা কৰি এতিয়া জীৱনৰ বিয়লি বেলাত গগৈ আলহী হ'ব লগা হৈছে ৰঙাঘৰৰ।
সংগৃহীত তথ্য মতে দিনৰ দিনটো হাতত দা ,কোৰ লৈ খেতি খোলা কৰি পেটৰ ক্ষুধা নিবাৰণৰ নিৰন্তৰ সংগ্ৰামত জড়িত গগৈয়ে আজৰি পৰত নিজৰ ফেচবুক একাউন্টৰ জৰিয়তে কিছু কিছু স্পৰ্শকাতৰ বিষয়ত নিজস্ব মতামত দাঙি ধৰিছিল। এনে কিছু স্পৰ্শকাতৰ আৰু আইন বিৰুদ্ধ মতামত ৰাজহুৱা কৰাৰ বাবে অসম আৰক্ষীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা হৰেন গগৈৰ বিৰুদ্ধে বহু কেইটা জামিনবিহীন ধাৰাত ৰুজু কৰা হয় গোচৰ।
উত্তৰ লখিমপুৰ সদৰ থানাত পঞ্জীভূত গোচৰ (নং-২৬২/২০২২)ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি) / ১২১/১২১(এ), ইউ এ (পি) আইনৰ ১০/১৩/১৫/ ( ¡ )(এ)/ আই টি আইনৰ ৬৬(এফ) ধাৰাৰ অধীনত চহা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মাত ৰখা হৈছে। পত্নী,পুত্ৰ,ভাৰ্য্যাৰে পৰিপূৰ্ণ এখন সংসাৰ এৰি আইনৰ ৰোষত পৰি বন্দীত্ব, কাৰাৰুদ্ধ জীৱন অতিবাহিত কৰিবলগীয়া হোৱা ব্যক্তি গগৈৰ এনে দুৰ্দশাৰ পৰা পৰিত্ৰাণ দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে হতভাগা পৰিয়ালটোৱে।
কাৰাৰুদ্ধ গগৈৰ পত্নী ক্ষীৰ গগৈয়ে "অসমীয়া প্ৰতিদিন ডিজিটেল"ক বৰ্ষীয়ান, ৰোগাক্ৰান্ত স্বামীয়ে জ্ঞাত অজ্ঞাতে কৰা ভূলৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে মুখ্যমন্ত্ৰীৰ ওচৰত ক্ষমা বিচাৰি তেওঁৰ হস্তক্ষেপত গগৈৰ মুক্তি প্ৰাৰ্থনা জনাইছে । পৰৱৰ্তী সময়ত এনে আইন বিৰূদ্ধ কামৰ পৰা স্বামীক বিৰত ৰখাৰ সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰি স্বামীৰ মুক্তিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মা , জিলা আৰক্ষী অধীক্ষক ডঃ বেদান্ত মাধৱ ৰাজখোৱা আৰু তদন্তকাৰী আৰক্ষী বিষয়া হীৰক জ্যোতি লাহনক কাতৰ আহ্বান জনাইছে।
উল্লেখ্য যে নামনি সোৱণশিৰী বৃহৎ নদীবান্ধ বিৰোধী গণতান্ত্ৰিক সংগ্ৰামৰ অগ্ৰণী যোদ্ধা গগৈয়ে এই সংক্ৰান্তীয় গোচৰৰ বাবে ইতিমধ্যে দুবাৰকৈ কাৰাবাস খাটিব লগা হৈছিল । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঢকুৱাখনা জিলা সমিতিৰ অন্যতম সভাপতি হিচাবে দায়িত্ব প্ৰাপ্ত গগৈৰ মুক্তিৰ বাবে আইনগত ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত আৰ্থিক নাটনিৰো সৃষ্টি হোৱা বুলি জানিব পৰা গল। মানৱীয়তাৰ খাতিৰত বয়স্ক ব্যক্তি গৰাকীক মুক্তি দিয়াৰ কামনা কৰিছে সংগঠনটোৱে।
আৰু পঢ়ক : চিৰাঙত "উজ্জ্বল ভাৰত – উজ্জ্বল ভৱিষ্যত" – শক্তি – ২০৪৭ শীৰ্ষক অনুষ্ঠান