ডিজিটেল সংবাদ ঢকুৱাখনা : ঢকুৱাখনা মহকুমাত গুণগত মাধ্যমিক শিক্ষা প্ৰসাৰণত সদা অগ্ৰণী ভূমিকা পালন কৰি অহা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ইংৰাজী আৰু অসমীয়া দ্বৈত মাধ্যমৰ বিদ্যালয় হিচাবে স্বীকৃতি প্ৰদানৰ সমজুৱা দাবী উত্থাপিত হৈছে। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী , শিক্ষক কৰ্মচাৰী গোট , বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক, সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ তিনিখন সুকীয়া সুকীয়া ৰাজহুৱা সভাই এই প্ৰস্তাৱ উত্থাপন কৰি অধ্যক্ষ কল্পনা গগৈৰ জৰিয়তে শিক্ষা বিভাগলৈ প্ৰেৰণ কৰিছে।
লখিমপুৰ জিলা বিদ্যালয় সমূহৰ পৰিদর্শকৰ মেম' নম্বৰ LDC/PB/Upgradation/14/2021/5804/Aৰ ভিত্তিত এই সন্দৰ্ভত কালি বিদ্যালয় প্ৰেক্ষাগৃহত তিনিখন পৃথক পৃথক সভা অনুষ্ঠিত হয় । ইতিমধ্যে ৰাজ্য চৰকাৰে আদৰ্শ বিদ্যালয় হিচাবে স্বীকৃতি প্ৰদান কৰা এইখন বিদ্যালয়ৰ শিক্ষাৰ্থী সকলক ৰাজ্যিক আৰু সৰ্ব ভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ নিজক শৈক্ষিক দিশত পাৰ্গত কৰিবলৈ এনে দ্বৈত মাধ্যমৰ স্বীকৃতি সহায়ক হ'ব বুলি তিনিওখন ৰাজহুৱা সভাই ঐক্য মত পোষণ কৰে আৰু প্ৰস্তাৱ গ্ৰহণ কৰে ।
বিদ্যালয়খনৰ অধ্যক্ষ কল্পনা গগৈৰ আহ্বান মৰ্মে অনুষ্ঠিত সভাত প্ৰাক্তন অধ্যক্ষ চেনিৰাম বৰুৱা ,লিখন চন্দ্ৰ বৰগোঁহাই , প্ৰেম গগৈ , পদ্মা বৰা , শিক্ষাবিদ তবেন্দ্ৰ নাথ দাস , সেৱক চুতীয়া, প্ৰফুল্ল চুতীয়া , কেশৱ গগৈ , পুষ্পা গগৈ , সৰুমাই দাস , ইন্দিৰা গগৈ আদি গৰিষ্ঠ সংখ্যক ৰাইজ ,প্ৰাক্তন ছাত্ৰ , সমাজ কৰ্মী ,বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী উপস্থিত থাকে। তিনিওখন গুৰুত্বপূৰ্ণ সভাই সৰ্বসন্মত ভাবে বিদ্যালয়খনক দ্বৈত মাধ্যমৰ স্বীকৃতি প্ৰদানত দ্বিমত নাই বুলি সিদ্ধান্ত গ্ৰহণ কৰি শীঘ্ৰে এই স্বীকৃতি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।
অৱশ্যে ইয়াৰ সমান্তৰাল ভাৱে বিদ্যালয়খনৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ অভাৱকে ধৰি অপুৰণীয় আন্তঃগাঁথনি সম্পূৰ্ণ কৰা , খালি হৈ থকা পদাৰ্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান আদি বিভিন্ন বিভাগৰ বিষয় শিক্ষক আৰু বিজ্ঞানাগাৰ সহায়ক, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আদিৰ পদ তৎকালে পূৰণ কৰাৰো প্ৰস্তাৱ গ্ৰহণ কৰে ।
উল্লেখ্য যে , ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় দুখন ইংৰাজী আৰু অসমীয়া দ্বৈত মাধ্যমৰ বিদ্যালয় হিচাবে স্বীকৃতি প্ৰদানৰ সপক্ষে মহকুমাবাসীয়ে ৰাজহুৱা মত পোষণ কৰি ৰাজ্য চৰকাৰৰ এনে পদক্ষেপত আদৰণি জনাই সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে।
আৰু পঢ়ক : বোকাজানৰ খটখটিত ৮ কোটি টকাৰ ড্রাগছ জব্দ….