ঢকুৱাখনাত তিনি চোৰাং সোণৰ বেপাৰী গ্ৰেপ্তাৰ..

ঢকুৱাখনাত তিনি চোৰাং সোণৰ  বেপাৰী গ্ৰেপ্তাৰ..
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাত ৩টা চোৰাং সোণৰ বেপাৰী আৰক্ষীৰ জালত বন্দী হৈছে । ধৃত চোৰাং সোণৰ বেপাৰী কেইটা হল ঢকুৱাখনা বালি গাঁওৰ মৃদুল বৰাৰ পুত্ৰ হৃদয় জ্যোতি বৰা , ঢকুৱাখনা মানিকপুৰৰ মেৰপুত আলিৰ পুত্ৰ ফৈজোল আলি ।

জানিব পৰা মতে এই সোণৰ অবৈধ বেপাৰ সন্দৰ্ভত ধেমাজি জিলাৰ বৰদলনি আৰক্ষী চকীত এক গোচৰ পঞ্জীভূত হৈছিল। এই গোচৰৰ ভিত্তিত বৰদলনি আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে তদন্তকাৰী বিষয়া বসন্ত শইকীয়াই সম্ভেদ লাভ কৰে ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত এই দুষ্কাৰ্য সংঘটিত হৈছে।পৰৱৰ্তী সময়ত ঢকুৱাখনালৈ আহি চলোৱা অভিযান কালত এই দুই চোৰাং বেপাৰীক আটক কৰিবলৈ সক্ষম হয় ।

ঢকুৱাখনা আৰক্ষীৰ সহযোগত ঢকুৱাখনাৰ দুই অভিযুক্তক আটক কৰি বৰদলনি আৰক্ষী চকী লৈ লৈ যায়। সংগৃহীত তথ্য মতে এডাল সোণৰ চেইন , সোণৰ আঙুঠি , সোণৰ কানফুলি চোৰাং কৈ সৰবৰাহ কৰি গোপন ভাবে বিক্ৰী কৰিছিল। বৰদলনি আৰক্ষী চকীত পঞ্জীভূত ৪৮/২০২৪ ধাৰাত পঞ্জীভূত গোচৰৰ ভিত্তিত দুয়োটা চোৰাং সোণৰ বেপাৰীক গ্ৰেপ্তাৰ কৰি নিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in