দুৰ্নীতিগ্ৰস্ত সচিব দীপালিৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ

দুৰ্নীতিগ্ৰস্ত সচিব দীপালিৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা উন্নয়ন খণ্ডৰ সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত কৰ সংগ্ৰাহক তথা ভাৰপ্ৰাপ্ত পঞ্চায়ত সচিব দীপালি পাতিৰ । এইগৰাকী কৰ সংগ্ৰাহক ৰূপী দাম্ভিক পঞ্চায়ত সচিবৰ বিৰুদ্ধে কেৱল পঞ্চায়তবাসীয়ে নহয় ডিমৰুগুৰি পঞ্চায়তৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলো সোচ্চাৰ হৈ উঠিছে । ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ ডিমৰুগুৰি পঞ্চায়তৰ নিৰ্বাচিত জন প্ৰতিনিধি একাংশই এই গৰাকী দুৰ্নীতি পৰায়ন, অৰ্থলোভী আৰু পক্ষপাতী ভাৰপ্ৰাপ্ত সচিবক পঞ্চায়তখনত নিযুক্তি নিদিবলৈ দাবী পত্ৰ প্ৰদান কৰিছে লখিমপুৰ জিলা আয়ুক্তক।

পঞ্চায়তখনৰ সভাপতি মীনা কুমাৰী দলে , আঞ্চলিক সদস্য শিৰোমণি দলে , ৱাৰ্ড সদস্য ক্ৰমে ৰাজীৱ দলে , ববিতা পেগু, মনি চুংক্ৰাং, কল্পনা দলে আদিৰ স্বাক্ষৰেৰে যোৱা ৯ ছেপ্টেম্বৰত এখন স্মাৰক পত্ৰ লখিমপুৰ জিলা আয়ুক্ত শোণিত সত্বাৱনক প্ৰদান কৰি সীমাহীন অনিয়ম, দুৰ্নীতিৰ নায়িকা পাতিৰক পুনৰবাৰ পঞ্চায়তখনত মুকলি লুটপাত চলাবলৈ সুযোগ নিদিবলৈ আহ্বান জনায় । তাৰোপৰি সভাপতি ,আঞ্চলিক সদস্যৰ নেতৃত্বত যোৱা পঞ্চায়ত প্ৰতিনিধিৰ দলটোৱে লখিমপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰকো সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰি এই বিষয়ত গুৰুত্ব দি এগৰাকী নিকা আৰু পূৰ্ণ পদ মৰ্যাদাৰ সচিব নিযুক্তি দিয়াৰ দাবী জনায়।

কিন্তু এইগৰাকী আমোলাই দুৰ্নীতি অমিয়মৰ সতে সহ অৱস্থান কৰি বিধায়ক নৱ দলেৰ শ্ৰুতলিপি শুনি পুনৰ এইগৰাকী বিতৰ্কিত ভাৰপ্ৰাপ্ত সচিবক পঞ্চায়তখনত নিযুক্তি দিয়ে বুলি অভিযোগ উঠিছে। ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিৰূদ্ধে শূণ্য সহনশীলতা নীতিক পদপিষ্ট কৰা মুখ্য কাৰ্যবাহী বিষয়া পাটৰৰ এনে ৰহস্যজনক নৰম স্থিতিৰ প্ৰকৃত ৰহস্য ৰাইজে বুজি উঠিছে । তাৎপৰ্যপূৰ্ণ দিশটো হল পূৰ্বৰ সচিব মোহিত দলেক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ এক নিৰ্দেশ মতে ধেমাজি জিলাপৰিষদৰ অন্তৰ্গত মাছখোৱা উন্নয়ন খণ্ডৰ অধীনৰ বেঙেনাগঢ়া গাঁও পঞ্চায়তলৈ বদলি কৰা হয় ।

তাৰেই পৰিপ্ৰেক্ষিতত খালি হোৱা ডিমৰুগুৰি সচিব পদত জিলা আয়ুক্তইঢকুৱাখনা উন্নয়ন খণ্ডৰ ধেনুষণা বাটমাৰী পঞ্চায়তৰ সচিব মুকুল পেগুক ডিমৰুগুৰি পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব হিচাবে নিযুক্তি দি দ্বৈত দায়িত্ব অৰ্পণৰ এক নিৰ্দেশনা বাহিৰ কৰে। যোৱা ১৯ আগষ্টত জাৰি কৰা এই নিৰ্দেশনাৰ পাছতে লক্ষণীয়ভাবে জিলা আয়ুক্ত গৰাকীয়ে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্য্যালয়ৰ হৈ আগষ্ট মাহত (নিৰ্দেশনাত লক্ষ্যণীয় ভাবে তাৰিখ উল্লেখ কৰা নাই) পুনৰ পূৰ্বৰ সচিব নিযুক্তি নিৰ্দেশনা বাতিল কৰি দীপালি পাতিৰক ডিমৰুগুৰি পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সচিব হিচাবে নিযুক্তি দিয়ে।

কেৱল কৰ সংগ্ৰাহক দীপালি পাতিৰক সচিব পদত অধিষ্ঠিত কৰিবলৈ প্ৰায় ১০ টা দিনৰ ভিতৰতে দুবাৰকৈ সচিব বদলিৰ নিৰ্দেশ উলিওৱা জিলা আয়ুক্ত গৰাকীৰ এনে দৃষ্টিকটু ভূমিকাই ব্যাপক চৰ্চা লাভ কৰিছে ঢকুৱাখনাত । এগৰাকী দুৰ্নীতি পৰায়ন সচিব হিচাবে পৰিগণিত হোৱা কৰ সংগ্ৰাহকক পূৰ্বৰ দুৰ্নীতি অনিয়ম সংঘটিত কৰা পঞ্চায়তখনতে নিযুক্তি দি এক উত্তপ্ত আৰু উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাত অৰিহণা যোগোৱা জিলা আয়ুক্তৰ এই ভূমিকাক লৈ ক্ষোভিত পঞ্চায়তবাসীৰ লগতে দল ,সংগঠন ।

অৱশেষত পঞ্চায়তখনৰ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰো আহ্বানলৈ গুৰুত্ব নিদি প্ৰশাসনীয় শক্তি খটুৱাই বিতৰ্কিত কৰ সংগ্ৰাহক পাতিৰকে নিযুক্তি দিয়াত ৰাইজ ,সংগঠন গণতান্ত্ৰিক প্ৰতিবাদ নামি পৰাৰ বিকল্প পথ নোহোৱা বুলি একেমুখে মত ব্যক্ত কৰিছে । ডিমৰুগুৰি পঞ্চায়তৰ দল মত নিৰ্বিশেষে ৰাইজে এই বিতৰ্কিত সচিব গৰাকীক নিযুক্তিৰ প্ৰতিবাদত ধাৰাবাহিক গণ প্ৰতিবাদ সাব্যস্ত কৰিলে ইয়াৰ বাবে জিলা আয়ুক্ত আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দুগৰাকী দায়ীভাব বুলি সকীয়াই দিছে ।

দুৰ্নীতিগ্ৰস্ত সচিব দীপালিৰ বিৰুদ্ধে জিলা আয়ুক্তক অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ
মঙলদৈৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in