ৰাইজৰ বিপদৰ সময়ত বেপাৰত ব্যস্ত থকা নৱ দলেৰ বিৰুদ্ধে ক্ষোভিত জনতা…

ৰাইজৰ বিপদৰ সময়ত বেপাৰত ব্যস্ত থকা নৱ দলেৰ বিৰুদ্ধে ক্ষোভিত জনতা…

author-image
asomiyapratidin
New Update
ৰাইজৰ বিপদৰ সময়ত বেপাৰত ব্যস্ত থকা নৱ দলেৰ বিৰুদ্ধে ক্ষোভিত জনতা…

ডিজিটেল সংবাদ  ,ঢকুৱাখনা :  অসম চৰকাৰৰ  ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰা এজন মুনাফালোভী  বিধায়ক নিৰ্বাচিত কৰাৰ কুফল ভোগ কৰিছে ঢকুৱাখনা বাসীয়ে।   নৱ দলে প্রকৃততে বিধায়ক নে  এজন বেপাৰী তাক লৈ সন্দেহৰ সৃষ্টি হৈছে ৰাইজৰ মাজত  ।

কাৰণ যি সময়ত  ব্ৰহ্মপুত্ৰৰ শিহৰণকাৰী গৰা খহনীয়াই ঢকুৱাখনাৰ ভৌগলিক অস্তিত্বলৈ সংকট মাতি আনি  সন্ত্রাস চলাইছিল সেই সময়ত নিজৰ বেপাৰত ব্যস্ত আছিল  এইগৰাকী তথাকথিত বিধায়ক ।  এই স্পৰ্শকাতৰ সমস্যা সন্দৰ্ভত  মিচিং জাতিয় সংগঠনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ,জলসম্পদ মন্ত্ৰীক অৱগত কৰাৰ পাছত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আহি খহনীয়াগ্ৰস্ত এলেকা পৰিভ্ৰমন কৰি প্ৰতিৰোধৰ  নিৰ্দেশনা দি গ'ল ।

পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ  ভয়াবহ খহনীয়া ৰোধৰ বাবে  জলসম্পদ বিভাগৰ সতে মিচিং জাতিয় সংগঠনৰ বহু সংখ্যক কৰ্মকৰ্তাই দিনে নিশাই  খহনীয়া প্ৰতিৰোধ কাৰ্যত ব্ৰতী হ'ল । কিন্তু ভাত পানী এৰি জনস্বাৰ্থ সুৰক্ষাৰ স্বাৰ্থত নিমগ্ন হোৱা এইসকল জাতিয় সংগঠনৰ নেতা কৰ্মীৰ ওপৰত ভুৱা গোচৰ জাপি দিবলৈ এইজন বিধায়কে  এচাম দলীয় স্তাৱকক উৎসাহিত কৰিছে ।

জনপ্ৰতিনিধি ৰূপী শকুনি ৰাজনীতিক নৱ দলেৰ এনে নিকৃষ্ট  কূটনীতি কোনো কাৰণতে সহ্য কৰা নহ'ব। যদি আৰক্ষীক সংগঠনৰ কৰ্মী সকলৰ ওপৰত ভুৱা গোচৰ জাপি দি হাৰাশাস্তি কৰা কাৰ্য অব্যাহত ৰাখে সংগঠনৰ কৰ্মীৰ গাড়ী ,বাইক জব্দ কৰি দমন নিপীড়ণ অব্যাহত ৰাখে তেন্তে  ইয়াৰ পৰিনাম অনাগত সময়ত অকল্পনীয় আৰু অধিক ভয়াবহ হ'ব।ব্ৰহ্মপুত্ৰৰ  ভয়াবহ গৰা খহনীয়াগ্ৰস্ত  এলেকাত বুধবাৰে অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই উদাত্ত মন্তব্য কৰে টাকাম মিচিং পৰিন কৌবাংৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তিলক দলেয়ে । 

ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰা খহনীয়াই শিহৰণকাৰী  ৰূপ ধাৰণ কৰি  জনজীৱন সন্ত্ৰস্ত কৰি তোলা সময়ত  নদীপৰিয়া ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ  স্বাৰ্থত  টি এম পি কেৰ কেন্দ্ৰীয় আৰু  ঢকুৱাখনা জিলা সমিতিয়ে  দিনে নিশাই  জলসম্পদ বিভাগক সহযোগিতা কৰি শ্ৰম দান কৰি  গৰা খহনীয়া অস্থায়ী প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱাৰ পাছত গেৰুৱা দলৰ দুজনমান "এল ডি চি য়ান" ধুৰন্ধৰ কৰ্মীয়ে  ৰুজু কৰা ভুৱা গোচৰৰ আলম লৈ  আৰম্ভ কৰা নিৰ্যাতন সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে কেন্দ্ৰীয় নেতা দলেয়ে  ।

ঢকুৱাখনাৰ তাকাৰ চুকৰ খহনীয়া গ্ৰস্ত এলেকাত বুধবাৰে অনুষ্ঠিত এই ৰাজহুৱা সভাত বক্তব্য ৰাখি কেন্দ্ৰীয় সাধাৰণ সম্পাদক দলেয়ে  কয়" মুখ্যমন্ত্ৰী ,জলসম্পদ মন্ত্ৰী ,শিক্ষা মন্ত্ৰী সকলোৰে প্ৰতি আমাৰ  সন্মান  আছে  বাবেই মাত্ৰ ৩ দিন সময় দিছোঁ । এই নিৰ্ধাৰিত সময়ত যদি সংগঠনৰ নেতা কৰ্মকর্তা সকলৰ ওপৰত ৰুজু কৰা  ভুৱা গোচৰ উঠাই নলয় পৰৱৰ্তী সময়ত এনে অত্যাচাৰী , মাতব্বৰী বিধায়ক আৰু গেৰুৱা দলৰ স্তাৱক বাহিনীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদত ঢকুৱাখনা কঁপিব আৰু  ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব  অত্যাচাৰী নৱ দলেয়ে । ইয়াৰ বাবে জগৰীয়া নহ'ব জাতিয় সংগঠন।  জগৰীয়া হব বেপাৰী বেপৰোৱা  বিধায়ক  নৱ দলে।"  কেইবা সহস্ৰাধিক জাতিয় সংগঠনৰ কৰ্মকৰ্তাৰ উপস্থিতিত দুপৰীয়া  অনুষ্ঠিত ৰাজহুৱা সভাৰ আঁত ধৰে জিলা টি এম পি কেৰ বিষয়ববিয়া ভূপেন দলেয়ে । সভাত মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় নেতা ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়েও বক্তব্য ৰাখে ।

উল্লেখ্য যে ৰাজহুৱা সভাৰ পূৰ্বে  কেন্দ্ৰীয় নেতৃবৰ্গক বকুলগুৰি চাৰি আলিৰ পৰা কেইবা  শতাধিক বাইকেৰে সমদল কৰি  আদৰি নিয়ে  সভা স্থলীলৈ ।  কেন্দ্ৰীয় নেতা যুটীয়া সম্পাদক  টুনিৰাম পাংগিং , ৰিদিপ ৰেগণ ,  যতীন পেগু  , ৰাজীৱ  দলে ,নাথুৰাম পেগু ,ক্ষীৰোদ পেগু ,ইন্দিৰা চিন্তে কুম্বাং , আদিয়েও সহযোগিতা আগবঢ়োৱা এই ৰাজহুৱা সভাৰ পূৰ্বে  কেন্দ্ৰীয় নেতৃবৰ্গই ব্ৰহ্মপুত্ৰৰ সমগ্ৰ খহনীয়াগ্ৰস্ত এলেকা পৰিদর্শন কৰি   ভয়াবহতাৰ বুজ লয়।

সভাৰ অন্তত বৃহস্পতি বাৰে  এই ভুৱা গোচৰ জাপি দিয়া সন্দৰ্ভত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ সতে সংগঠনে আলোচনা কৰিব বুলি সিদ্ধান্ত ব্যক্ত কৰি  ৰাজ্য চৰকাৰৰ প্ৰতি উন্নয়নমূলক আঁচনিৰ প্ৰতি সংগঠনৰ সমৰ্থন আছে বুলি কৈ কিন্তু নৱ দলেক ঢকুৱাখনাৰ উন্নয়নৰ শত্ৰু আৰু শকুনি ৰাজনীতিক বুলি অভিহিত কৰে কেন্দ্ৰীয় নেতা গৰাকীয়ে । স্মতব্য যে  গেৰুৱা দলৰ দুজন মান কৰ্মীয়ে সংগঠনৰ একাংশ নিৰীহ নেতাৰ ওপৰত ঢকুৱাখনা সদৰ থানাত গোচৰ তৰাৰ  পৰৱৰ্তী সময়ত ঢকুৱাখনাত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ আশংকাই দেখা দিছে।

আৰু পঢ়ক: ৰামু নে কমলেশ? কাৰ মৃতদেহ! মণিপুৰত উদ্ধাৰ হোৱা মৃতদেহক লৈ সৃষ্টি হোৱা সন্দেহৰ অৱসান

assam naba doley