ডিজিটেল সংবাদ, ঢকুৱাখনা : ৰাজ্যখনৰ অন্যতম জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল "ৰাইজৰ দল"ৰ এখন সাংগঠনিক সাধাৰণ সভা দেওবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয় । দলটোৰ ঢকুৱাখনা বিধানসভা সমষ্টি সমিতি গঠনৰ লক্ষ্যৰে ঢকুৱাখনা নগৰৰ জনজাতি কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত এই সাংগঠনিক সভাত সভাপতিত্ব কৰে দলৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আজাদ হাজৰিকাই।
যুৱ নেতা পদ্ম কান্ত দলেয়ে উদ্দেশ্য ব্যাখ্যা কৰা জনাকীৰ্ণ সভাত দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আজিজুৰ ৰহমান উপস্থিত থাকি প্ৰদান কৰা বক্তব্যত কয় "অসম আৰু খিলঞ্জীয়া অসমীয়াৰ শুভ চিন্তক নহয় বিজেপি দল আৰু চৰকাৰ। অসম আৰু অসমীয়াৰ ভৱিষ্যত অন্ধকাৰাছন্ন আৰু সংকটাপন্ন কৰাৰ গোপন লক্ষ্যৰে বিজেপি আৰ এছ এছে কাম কৰি গৈছে।"
লগতে কয় যে কেৱল খিলঞ্জীয়া ভূমিপুত্ৰ অসমীয়া আৰু জন্মভূমি অসমক দলৰ সভাপতি অখিল গগৈয়ে অন্তৰৰ পৰা ভাল পোৱাৰ বাবেই হাতত হেণ্ডকাফ লগাই অকথ্য নিৰ্যাতন চলাই জে'ললৈ নিক্ষেপ কৰিছিল এই দলৰ চৰকাৰে। গেৰুৱা দলৰ আৰু চৰকাৰৰ ভয়াৱহ আগ্ৰাসন প্ৰতিৰোধৰ বাবে দেশ মাতৃক ভাল পোৱা প্ৰতিগৰাকী খিলঞ্জীয়াই সাহসেৰে আগবাঢ়ি আহি একাগ্ৰতা, ত্যাগ আৰু সময় দি দলীয় সাংগঠনিক ভেঁটি গঢ়াত মনোবিবেশ কৰাৰ আহ্বান জনায়।
লখিমপুৰ আৰু নাওবৈছা সমিতিৰ নেতৃবৃন্দ উপস্থিত থকা সভাত কেন্দ্ৰীয় সমিতিৰ প্ৰশাসনীয় সম্পাদক চিন্ময় বৰাই মূল বিষয় বস্তুৰ ওপৰত চমু বক্তব্য ৰাখি কয় বিজেপি দল আৰু চৰকাৰে দিয়া নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি এটাও পূৰণ নহ'ল অদ্যপি। ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে নহ'ল, কিন্তু নিৰ্মাণ সম্পূৰ্ণ হ'ল জলবোমা সদৃশ বৃহৎ নদীবান্ধ, নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ, প্ৰকৃত দুখীয়া, দৰিদ্ৰ জনতাই অৰুনোদই, প্ৰধান মন্ত্ৰী কৃষি ঋণ নাপালে, কিন্তু কৃষকৰ ভূমি খাজনা দুগুণ বৃদ্ধি পালে। এক কথাত বিজেপিৰ চৰকাৰ আৰু দলে দিয়া প্ৰতিশ্ৰুতি এটাও পূৰণ নহ'ল। ফাঁকি আৰু মিছা কথাৰে চলা এই দল আৰু চৰকাৰে নিবনুৱাক টুপী পিন্ধোৱাত পাকৈত ।
সভাত জাতিয় যুৱ বাহিনীৰ ৰাজ্যিক সভাপতি লক্ষ্য জ্যোতি গগৈয়ে বক্তব্য ৰাখি অসমৰ সম্পদৰ অধিকাৰ কাঢ়ি বৃহৎ পুঁজিপতি গোষ্ঠীৰ চৰণত শৰণ লৈ সৰ্বস্ব চমজাই দিয়া এই গেৰুৱা চৰকাৰৰ বিৰুদ্ধে ৰাইজ সজাগ আৰু সচেষ্ট হোৱাৰ আহ্বান জনায়। লগতে দলীয় কৰ্মী সকলক দলৰ সাংগঠনিক ভেঁটি গঢ়াত অধিক মনোনিবেশ কৰাৰ আহ্বানো জনায়। সভাত জাতিয় নাৰী বাহিনীৰ উপ সভানেত্ৰী অৰুণা হাজৰিকা বৰায়ো চমু বক্তব্য আগবঢ়াই।
সভাতেই দলৰ ঢকুৱাখনা বিধান সভা সমষ্টিৰ তদৰ্থ সমিতিখন গঠন কৰা হয়। সভাত সৰ্ব সন্মত ভাবে ঘন নাথ খনিকৰক সভাপতি, ৰাতুল গগৈ কাৰ্যকৰী সভাপতি, বিজু পাতিৰ ,কুশল বৰুৱাক উপ সভাপতি , মোহন লাগাচুক সম্পাদক ,জিতু মণি মিলি আৰু প্ৰহ্লাদ গগৈক সাধাৰণ সম্পাদক , নিপুল গগৈ ,বাবা শইকীয়াক সহকাৰী সম্পাদক, ললিত টাৱক বিত্ত সম্পাদক, মইনা দাসক কাৰ্য্যালয় সম্পাদক হিচাবে লৈ দলৰ সমষ্টি সমিতিখন গঠন কৰা হয়।
তাৰোপৰি সভাতেই সৰ্বসন্মত ক্ৰমে বুলুমা কোঁৱৰক সভানেত্ৰী আৰু জুমি খনিকৰ আৰু নিহাৰীকা পাতিৰক সম্পাদিকা হিচাবে লৈ জাতীয় নাৰী বাহিনীৰ ঢকুৱাখনা সমষ্টি সমিতিখন আৰু সুমন চেতিয়াক মুখ্য আহ্বায়ক হিচাবে আৰু ললিত পেগু , দিব্য দলে , পুলিন দলে,পবিত্ৰ পাতিৰ ,ৰাতুল দলে ,ৰাহুল পেগু আদিক আহ্বায়ক হিচাবে লৈ ঢকুৱাখনা বিধানসভা সমষ্টিৰ জাতীয় যুৱ বাহিনীৰ আহ্বায়ক সমিতিখন গঠন কৰা হয়।
আৰু পঢ়ক : লখিমপুৰৰ হাৰমতিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিজন...