ডিজিটেল সংবাদ, ঢকুৱাখনা: অৱশেষত আৰ্জিত ফল ভোগ কৰিলে পূব ঢকুৱাখনা সমবায় সমিতিয়ে । সীমাহীন দুৰ্নীতি অনিয়ম সংঘটিত কৰি , ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ নীতি নিৰ্দেশনা উলংঘা কৰি দাম্ভিকতাৰে পৰিচালনা কৰি অহা ঢকুৱাখনা মহকুমাৰ পূব ঢকুৱাখনা সমবায় সমিতিখনৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হৈছে ।
ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতাৰ স্বাক্ষৰিত এক নিৰ্দেশনা যোগে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পাইকাৰী অনুজ্ঞাপত্ৰখন নিলম্বন কৰা হৈছে। মহকুমাধিপতিৰ নিৰ্দেশনা নম্বৰ ডি এছ ১৬৭/ ই এন কিউ/পূব ঢকুৱাখনা/৪২ যোগে পূব ঢকুৱাখনা সমবায় সমিতিৰ ডি এছ ১৩/২০০০/পি ডি এছ/এছ ডব্লিউ/১০ নম্বৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অনুজ্ঞাপত্ৰখন নিলম্বন কৰিছে।
উল্লেখ্য যে সমবায় সমিতিখনৰ ৰেচন কাৰ্ড যুক্ত হিতাধিকাৰী সকলৰ বিপৰীতে আবন্টিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আঁচনিৰ চাউলৰ প্ৰায় ১০০২'৫০ কুইণ্টল অপচয় কৰি ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰিছিল সভাপতি আৰু সচিবে। তাৰোপৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দৈনিক ষ্ট'ক ৰেজিষ্টাৰ সঠিক পৰিচালনা নকৰা , কাৰ্যালয় আৰু গুদাম ঘৰৰ সন্মুখত মূল্য তালিকা আৰু ষ্ট'কৰ পৰিমাণ ৰাজহুৱা নকৰা আদি অভিযোগ প্ৰমাণিত হোৱাত অসম ৰাজহুৱা বিতৰণ অনুচ্ছেদ নিৰ্দেশ ১৯৮২ ৰ অৱমাননা কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অনুজ্ঞাপত্ৰখন নিলম্বন কৰা হৈছে ।
এই সন্দৰ্ভত মহকুমা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি কাৰ্যবাহী দণ্ডাধীশ অভিজাত বৰুৱা আৰু খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ক্ষেত্ৰ বিষয়া ,পৰিদর্শক কবিন্দ্ৰ মেদকে চলোৱা যুটীয়া তদন্ত কালত উন্মোচিত পৰ্বতসম অনিয়মৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰিছে মহকুমা প্ৰশাসনে । উল্লেখ্য যে সমবায় সমিতিখনৰ উক্ত অনুজ্ঞাপত্ৰ নিলম্বন কৰাৰ পাছত বৃহত্তৰ পূব ঢকুৱাখনা এলেকাৰ গ্ৰাহকৰ বাবে চৰকাৰী আঁচনিৰ চাউল বিতৰণৰ হেতু সমীপৰ খেৰকটা সমবায় সমিতিৰ সৈতে এই নিলম্বিত সমবায় সমিতিখন সংলগ্ন কৰি দিয়া বুলি নিৰ্দেশটোত প্ৰকাশ ।
ইপিনে প্ৰশাসনীয় তদন্তৰ কালত এই অবাধ দুৰ্নীতি অনিয়ম সন্দৰ্ভত বাস্তৱিক তথ্য পোহৰলৈ অহাৰ পাছতো সংশ্লিষ্ট বিভাগে অভিযুক্ত সভাপতি ভৱেশ দলে আৰু সচিব ৰঞ্জিত পেগুৰ বিৰুদ্ধে আৰক্ষীক গোচৰ ৰুজু কৰিবলৈ সাহস কৰা নাই । ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ সামগ্ৰী হৰলুকী কৰিও নিৰ্বিবাদে সাৰি যাবলৈ সক্ষম হোৱা এই দুই অৰ্থলোভীৰ বিৰুদ্ধে গোচৰ তৰাৰ ক্ষেত্ৰত শাসক দলৰ ৰাজনৈতিক হেঁচা থকাৰ বাবেই বিভাগে অদ্যপি গোচৰ দাখিল কৰা নাই বুলি সৰৱ চৰ্চা চলিছে ।
কাৰণ অভিযুক্ত সভাপতি ভবেশ দলে হৈছে গেৰুৱা দলৰ মাতমৰা মণ্ডল অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে । বিধায়ক নৱ দলেৰ ঘনিষ্ঠ এই গৰাকী মণ্ডল সভাপতিৰ লুণ্ঠনকাৰী চৰিত্ৰ গাপ দিবলৈ ৰাজনৈতিক সুৰক্ষা দিযাৰ বাবেই প্ৰশাসন কিম্বা যোগান বিভাগ আৰক্ষীক গোচৰ দিয়াৰ পৰা পিছুৱাই গৈছে বুলি ভুক্তভোগী গ্ৰাহকে মত ব্যক্ত কৰিছে।
স্মৰ্তব্য যে এই ভয়াৱহ কেলেংকাৰী সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত যোৱা ১৯ জুনৰ পৰা ধাৰাবাহিক তথ্য সমৃদ্ধ বাতৰি প্ৰকাশ হোৱাৰ পাছত প্ৰশাসনে শেহতীয়া ভাৱে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।
Also Read: ৰহস্যজনক অৱস্থাত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, পিতৃ আৰু মাহীমাকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ